কামৰূপ মহানগৰ জিলাত প্ৰধানমন্ত্ৰীৰ জলজীৱন আঁচনিৰ অধীনত চলি থকা প্ৰকল্প সমূহৰ কাম ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সময় সীমা বান্ধি দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে।মঙ্গলবাৰে মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্তৰ সভাপতিত্বত কাম ১০০ শতাংশ সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ সকলক কাঢ়া নিৰ্দেশ দিয়ে।জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস,চক্ৰ বিষয়া সকলৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ, লোকনিৰ্মাণ আদি বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত থকা এই সভাত প্ৰকল্প সমূহৰ কাম কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা আন্ত:বিভাগীয় সমস্যা সমূহৰ বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰা হয় আৰু সংশ্লিষ্ট বিভাগৰ সমূহক সমস্যা সমূহ সোনকালে সমাধানৰ নিৰ্দেশ দিয়ে।উল্লেখযোগ্য যে ডিমৰীয়া,চন্দ্ৰপুৰৰ পৰা আজাৰা পৰ্যন্ত Functional Household Tap connectionৰ দৰে প্ৰকল্পত ৩৫,১২৯ টা পৰিয়াল সামৰি লোৱা হৈছে।উপায়ুক্ত গৰাকীৰ নিৰ্দেশ অনুসৰি অহা ৩১ জুলাই ভিতৰত এই পৰিয়াল সমূহৰ ঘৰে ঘৰে প্ৰধানমন্ত্ৰীৰ জলজীৱন মিছনৰ প্ৰকল্পৰ পানী টেপ সংস্থাপন হ’ব লাগিব।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem