ভৈয়াম জনজাতি আৰু অনুসূচীত জাতি কল্যাণ বিভাগৰ সামগ্ৰী বিতৰণ

0 236

ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ  ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ আঁ‌চনিৰ অধীনত মঙ্গলবাৰে বিভিন্ন সামগ্ৰী ঢকুৱাখনাত বিতৰণ কৰা হয়।মঙ্গলবাৰে এই সন্দৰ্ভত ঢকুৱাখনা মহকুমাধিপতিৰ কাৰ্যালয় সভাকক্ষত এক  শুভাৰম্ভনি অনুষ্ঠান আয়োজন কৰা হয়। বিধায়ক নৱ দলে ,মহকুমাধিপতি গুৰনেইল সিং ,  মহকুমা কল্যাণ বিভাগৰ শাখা বিষয়া কুলভূষণ পেগু আদি উপস্থিত থাকি শুভাৰম্ভ কৰা  বিতৰণ সভাতে ঢকুৱাখনা বিধানসভা সমষ্টিৰ মুঠ ৩৫ গৰাকী  হিতাধিকাৰীৰ মাজত চিলাই পাম্প ছেট , জেৰক্স মেচিন,  শিক্ষাৰ্থীৰ বাবে ক্ৰীড়া সাজ  ,টেবলেট ,কম্পিউটাৰ, সৌৰ শক্তি চালিত লাইট, টিনপাত, বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ আদি সামগ্ৰী বিতৰণ পূৰ্বৰ শুভাৰম্ভ কৰা হয়  ঢকুৱাখনা মহকুমা কল্যান বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত  প্ৰতিটো বিভাগৰ প্ৰতিটো শিতানৰ পাঁচ গৰাকীকৈ হিতাধিকাৰীক  অনুদান বিতৰণ কৰা হয় অনুষ্ঠানত।লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁ‌হাই, মহকুমা অ বি চি সমিতিৰ  সভাপতি হেমন্ত গগৈ ,মহকুমা এছ চি বৰ্ডৰ সভাপতি গুৰু দাসৰ লগতে সকলো পাৰিষদৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকল  বিতৰণ অনুষ্ঠানত  উপস্থিত থাকে।  ইয়াৰোপৰি বিধায়ক দলেয়ে  ঢকুৱাখনা বাণিজ্য মহাবিদ্যালত ২০১৯-২০  বিত্তীয় বৰ্ষৰ আনটাইড পুঁ‌জিৰে নিৰ্মান কৰা শিক্ষকৰ জিৰণি কোঠাটো  ফিটা কাটি উদ্ধোধন কৰে  মহাবিদ্যালয়ৰ অধ্যক্ষ সমন্বিতে  অন্যান্য  শিক্ষক, কৰ্মচাৰী সকলৰ উপস্থিতিত। 
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই..

Leave A Reply

Your email address will not be published.