মিনি লকডাউনত ভাস্কৰ্য শিল্পত ব্যস্ত চাৰি জন ব্যক্তিয়ে কাঠৰে বনাইছে বিভিন্ন মূৰ্তি

0 207

এটি শিক্ষিত পৰিয়াল ৷ কোনোবা যদি অৱসৰপ্ৰাপ্ত শিক্ষক আন কোনোবা আন বিভাগৰ প্ৰাক্তন কৰ্মচাৰী ৷ আৰু আন কোনোবা বৰ্তমান শিক্ষক ৷ সম্বন্ধত খুৰাক,ভতিজাক তথা ভাই- ককাই ৷ ক`ৰণা মহামাৰীৰ বাবে চলি থকা মিনি লকডাউনত তেওঁলোকে শিল্পকৰ্মত ব্যস্ত হৈ সময় পাৰ কৰিছে ৷ পিতৃ আৰু ককাকৰ স্মৃতি জীয়াই ৰখাৰ বাবে তেওঁলোকে অব্যাহত ৰাখিছে নিজৰ শিল্পকৰ্ম ৷ প্ৰতিদিনে পুৱাৰ পৰা সন্ধিয়ালৈ হাতে হাতে হাতুৰি,বাতুলি,কটাৰী আদি লৈ ব্যস্ত হৈ পৰে শিল্পকৰ্মত ৷ তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে অসম গৌৰৱ এশিঙীয়া গড়,হৰিণা,হাতী,ঘঁৰিয়ালৰ লগতে বিভিন্ন চৰাই চিৰিকটি আদি ৷ পেলনীয়া কাঠ দেখিলেই তেওঁলোকে বুজি পাই কাঠটুকুৰাৰ পৰা কি হ’ব ! দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সাতপখলী গাঁৱৰ এটি শিক্ষিত পৰিয়ালৰ কৰ্মৰাজী এয়া । মিনি লকডাউনত তেওঁলোক ব্যস্ত হৈ পৰিছে ভাস্কৰ্য শিল্পত ৷ ক`ৰণা এই দু:সময়ত তেওঁলোকে নিজ হাতেৰে কাঠেৰে প্ৰস্তুত কৰি উলিয়াইছে এনেধৰণৰ প্ৰায় দুশটা বিভিন্ন পশু পক্ষী তথা অশোক স্তম্ভ ৷ আনহাতে পেইণ্টিং কৰি উলিয়াইছে কেইবাখনো ছবি ৷ সাতপখলী গাঁৱৰ প্ৰাক্তন শিক্ষক সুভাষ মালী,প্ৰাক্তন কৰ্মচাৰী কমল কুমাৰ মালী,দুই ভাতৃ তথা শিক্ষক প্ৰণৱ মালী আৰু ধীৰাজ মালীয়ে শিল্প কৰ্মৰে দেখুৱাইছে এক আদৰ্শ ৷ কমল কুমাৰ মালীৰ খুৰাক তথা অৱসৰপ্ৰাপ্ত শিক্ষক সুভাষ মালী আৰু সুভাষ মালীৰ দুই শিক্ষক পুত্ৰ প্ৰণৱ মালী আৰু ধীৰাজ মালীৰ লগতে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী কমল কুমাৰ মালীয়ে আজি প্ৰায় তিনিমাহ ব্যস্ত হৈ আছে শিল্প কৰ্মত ৷ কমল কুমাৰ মালীয়ে জানিবলৈ দিয়া মতে তেওঁৰ ককাক প্ৰয়াত শ্যামলাল মালী এগৰাকী কাঠমিস্ত্ৰীৰ লগতে ভাস্কৰ্য শিল্পী আছিল ৷ প্ৰায় ৩০ বছৰ পূৰ্বে ককাকৰ পৰা প্ৰেৰণা পোৱা কমল মালী আৰু তেওঁৰ খুৰাক আৰু দুই ভাতৃয়ে সুদীৰ্ঘ ৩০ বছৰৰ পিচত পুনৰ আৰম্ভ কৰিছে এই ভাস্কৰ্য শিল্প ৷ আচলতে মিনি লকডাউনে তেওঁলোকক এই সুযোগ দিয়া বুলিও কয়। অৱশ্যে সময় অতিবাহিত কৰাৰ বাবে চাৰিওজনে এই শিল্পকৰ্মত ব্যস্ত হৈ পৰিছিল যদিও এতিয়া তেওঁলোকে ইয়াক এটা প্ৰকল্প হিচাপে ল’ব বুলি কয়। ইতিমধ্যে তেওঁলোকৰ ওচৰলৈ গ্ৰাহক আহি আছে যদিও মূৰ্তি সমূহত ৰং দিয়া কাম তথা সম্পূৰ্ণ নোহোৱাৰ বাবে বিক্ৰী কৰা নাই ৷ পৰৱৰ্তী সময়ত ট্ৰেড ফেয়াৰ সমূহতো এই গড়,হাতী আদি মূৰ্তি সমূহ বিক্ৰীৰ বাবে নিব বুলিও জানিবলৈ দিয়ে ৷ অনাগত দিনত তেওঁলোকে মহাভাৰতৰ যুদ্ধত অৰ্জুনে ব্যৱহাৰ কৰা ৰথখনৰ মডেল এখন বনোৱাৰে পৰিকল্পনা কৰাৰ কথাও ব্যক্ত কৰে ৷ অৱশ্যে প্ৰয়োজনীয় কাঠৰ বাবে কিছু সমস্যা হোৱা বুলিও কয় ৷ কোনো লোকে তেওঁলোকৰ ওচৰত ভাস্কৰ্য শিল্পৰ বিষয়ে শিকিব বিচাৰিলে বিনাপইচাই শিকাব বুলিও আমাক জানিবলৈ দিয়ে ৷ সাতপখলীৰ এই চাৰিগৰাকী শিক্ষিত ব্যক্তি আন দহজনৰ বাবে আদৰ্শ হওক,আমি জনালো অলেখ শুভকামনা।
বাতৰি যুগুতালে জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.