শিৱসাগৰ সমষ্টিৰ বিধায়কৰ বিভাগীয় বিষয়া সকলৰ সৈতে পৰ্যালোচনা বৈঠক

0 265

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়।উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত বিধায়ক গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে বুজ লয়।
পৰ্যালোচনা কালত তেওঁ সমষ্টিটোত এখন উন্নতমানৰ ৰাইপেনিং চেণ্টাৰ স্থাপন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক পৰামৰ্শ দিয়ে। তেওঁ লগতে শিৱসাগৰ সমষ্টিত এখন উন্নত নাৰ্চাৰী স্থাপন কৰাৰ উদ্যোগ গ্ৰহণ কৰি তাত বিশেষভাৱে এজাৰ, সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া আদি গছৰ পুলি উৎপাদন কৰিবলৈ আহ্বান জনায় যাতে এই গছসমূহ ৰোপণৰ দ্বাৰা সমষ্টিটোৰ সৌন্দৰ্যবৰ্ধন কৰিব পাৰি। তেওঁ সমষ্টিটোৰ অঙ্গনৱাদী কেন্দ্ৰসমূহত মজুত থকা সা-সুবিধা তথা আন্তঃগাঁথনিৰ বিষয়ে বিতং বিৱৰণ সহ প্ৰতিবেদন দাখিল কৰিবলৈ কয়।
আলোচনাকালত বিধায়ক গৰাকীয়ে চি. আই. ডি. এফ. শিতানৰ অধীনত শিৱসাগৰ সমষ্টিত ৰূপায়ণ হ’বলগীয়া আঁচনিৰ বিষয়েও বিস্তৃতভাৱে বুজ লয়। তেওঁ চি. আই. ডি. এফ. -ৰ অধীনস্থ আঁচনিসমূহৰ কাম-কাজ ক্ষীপ্ৰতাৰে আৰম্ভ কৰিবলৈ কয়। তেওঁ লগতে শিৱসাগৰ সমষ্টিৰ সৌন্দৰ্যবৰ্ধন আৰু পাৰ্কিঙৰ সু-ব্যৱস্থা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিধায়ক গৰাকীয়ে অসম টাই যাদুঘৰৰ উন্নীতকৰণৰ বাবে বিভিন্ন পৰামৰ্শও আগবঢ়ায়। সমষ্টিটোৰ বিভিন্ন ব্যক্তিৰ লগত মজুত থকা ঐতিহাসিক সমলসমূহ সংগ্ৰহ কৰি যাদুঘৰটিত ৰখাৰ পৰিকল্পনাৰ বিষয়েও বিধায়ক গৰাকীয়ে সদৰি কৰে। তেওঁ খণ্ড উন্নয়ন বিষয়া সকলক সমষ্টিটোত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁ‌চনিৰ অধীনত কৰ্মৰত লোকসকলৰ ১০০ টা কৰ্মদিন সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।
বৈঠকৰ অন্তত বিধায়ক গৰাকীয়ে সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ হকে জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়া-সকলৰ পূৰ্ণ সহযোগিতা আহ্বান কৰে।আজিৰ বৈঠকত প্ৰশাসনিক বিষয়া সকলৰ লগতে শিৱসাগৰ সমষ্টিৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.