অহা ১২ জুলাইৰ পৰা গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত চলিব এখন বিশেষ জনশতাব্দী ৰেল

0 274

উত্তৰ–পূব সীমান্ত ৰেলৱেই অহা ১২ জুলাইৰ পৰা পৰৱর্তী নির্দেশ নিদিয়ালৈ গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত এখন বিশেষ জনশতাব্দী ৰেল চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰেলযাত্রীসকলৰ সুবিধার্থে দেওবাৰটোৰ বাহিৰে সপ্তাহৰ ছয়দিন ৰেলখন গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত চালচল কৰিব৷উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই এই সন্দর্ভত এক বিবৃতিযোগে জানিবলৈ দিয়া মতে ১২০৬৭ গুৱাহাটী,যোৰহাট টাউন জনশতাব্দী বিশেষ ৰেলখনে গুৱাহাটীৰ পৰা দৈনিক পুৱা ৬.১০ বজাত যাত্রা আৰম্ভ কৰি একেদিনাই দিনৰ এক বজাত যোৰহাট টাউনত উপস্থিত হ’ব৷আনহাতে ১২০৬৮ যোৰহাট টাউন – গুৱাহাটী জনশতাব্দী বিশেষ ৰেলখনে যোৰহাট টাউনৰ পৰা দিনৰ ২.৩০ বজাত উভতনি যাত্রা আৰম্ভ কৰি সেইদিনাই নিশা ৯.২০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব৷ ৰেলখনৰ চাপৰমুখ জংচন, হোজাই, লংকা, লামডিং, ডিফু, বোকাজান, ফৰকাটিং জংচন আৰু মৰিয়নি জংচন ষ্টেচনত ষ্টপেজ থাকিব৷
উল্লেখনীয় যে ডিমাপুৰত ৰেল ৰখোৱাৰ ওপৰত নাগালেণ্ড চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ডিমাপুৰ ষ্টেচনত এই ৰেলখনৰ ষ্টপেজ পৰৱর্তী নির্দেশ নিদিয়ালৈকৈ অস্থায়ীভাৱে হ্রাস কৰা হৈছে৷ মুখ্য জনসম্পর্কৰক্ষী বিষয়া চন্দই জানিবলৈ দিয়া মতে ৰেলখনৰ ষ্টপেজ আৰু সময়সূচীৰ সবিশেষ ৰেলৰ ৱেবচাইটত উপলব্ধ হ’ব৷আনহাতে আনহাতে যাত্রীসকলে নিজ গন্তব্য স্থানত উপস্থিত হোৱাৰ লগে লগে সংশ্লিষ্ট জিলাখনত বাহাল থকা স্বাস্থ্যজনিত প্রট’কল মানি চলিব লাগিব৷

Leave A Reply

Your email address will not be published.