বিভিন্ন জাতি- জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বীৰ মিলন তীৰ্থ অসমভূমি। বৰ্তমান সময়ত ৰাজ্যখনত সমন্বয়ৰ যেন অভাব ঘটিছে। দক্ষিণ কামৰূপ সচেতন মঞ্চই সমগ্র দক্ষিণ কামৰূপ অঞ্চলত এক সমন্বয়-সংহতি স্থাপনৰ বাবে এলানি কাৰ্যসূচী লৈছে। আজি সচেতন মঞ্চই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র পীঠস্থান গীৰ্জাই – গীৰ্জাই বৃক্ষৰোপণ কৰি ভাৱৰ আদান প্ৰদান কৰে। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক-লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, সদস্য সীমান্ত দাস, ধৰ্মেন্দ্ৰ দাস, বিমল নাথৰ নেতৃত্বত গীৰ্জাবোৰত গৈ সমাজ আগবাঢ়ি যোৱাত সমন্বয়ৰ, ঐক্যতাৰ প্ৰয়োজনীয়তা, বৃক্ষৰোপণৰ দায়িত্বৰ ওপৰত আলোচনা কৰে। পলাশবাৰী সমষ্টিৰ ভালাখোৱা ব্যপ্তিষ্ট চাৰ্চ, বৰজুলি ব্যপ্তিষ্ট চাৰ্চ, বৰজুলি ৰোমান কেথলিক চাৰ্চ, পশ্চিম গুৱাহাটী সমষ্টিৰ বালাহপুৰ ব্যপ্তিষ্ট চাৰ্চ, ৰাণীবাৰী ব্যপ্তিষ্ট চাৰ্চ, ৰাণী- মৈৰাপুৰ আসামিচ ব্যপ্তিষ্ট চাৰ্চ, মৈৰাপুৰ ব্যপ্তিষ্ট চাৰ্চত বকুল, আমলখি, ভোমোৰা, শিলিখা, মহানিম, জলফাই আদি গছৰ পুলি ৰোপন কৰে। এই কাৰ্যসূচীত ভালাখোৱা ব্যপ্তিষ্ট চাৰ্চত লাচিত ৰাভা, বিৰাজ ৰাভা, কোহিমা ৰাভা, মিনতি ৰাভা, বৰজুলি ব্যপ্তিষ্ট চাৰ্চত লিন মাৰাক, সঞ্জীব মাৰাক, বৰজুলি ৰোমান কেথলিক চাৰ্চত প্ৰদীপ চাংমা, মলিনা চংমা, মনিল চাংমা, বালাহপুৰ ব্যপ্তিষ্ট চাৰ্চত ইয়ুব ৰাভা, অনিল ৰাভা, দিগন ৰাভা, মুনীন্দ্ৰ ৰাভা, কল্যাণী ৰাভা, অনুপ ৰাভা, মৈৰাপুৰ আসামিচ ব্যপ্তিষ্ট চাৰ্চত মীনা চাংমা, এবলুন চাংমা, মৈৰাপুৰ ব্যপ্তিষ্ট চাৰ্চত পিতৰ মাৰাক, নৰমিচ চাংমা, ৰাণীবাৰী ব্যপ্তিষ্ট চাৰ্চত প্ৰদীপ চাংমা প্ৰমুখ্যে ভালেমান বিশিষ্ট লোকে প্ৰতি গীৰ্জাত অংশ লয়। সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- ধৰ্ম বেলেগ বেলেগ হ’ব পাৰে, কিন্তু ভগৱান এক। ঈশ্বৰক উপাসনা কৰা মাধ্যম বেলেগ বেলেগ হ’ব পাৰে, কিন্তু উদ্দেশ্য এটাই। গছ থাকিলেহে মানুহ জীয়াই থাকিব। গছেহে মানুহক জীয়াই ৰাখিছে। প্ৰতিজন মানুহে গছক সন্মান কৰাৰ লগতে সাদৰ আদৰ কৰা উচিত। মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- সচেতন মঞ্চৰ পৰা সমগ্র দক্ষিণ কামৰূপ অঞ্চলত মিলনভূমি হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে। গছ ৰুই পৰিৱেশ নিকা কৰাৰ চিন্তা কৰিছে। এইক্ষেত্ৰত সকলোৰে সহযোগিতা লাগিব।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram