উত্তৰ পূৱৰ প্ৰহৰী হিচাপে পৰিগণিত হৈ অহা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনৰ উচ্চ প্ৰশিক্ষিত বাহিনী আসাম ৰাইফলছত এইবাৰ ৯ জন জোৱানে নিজৰ যোগ্যতা আৰু দক্ষতাৰ বলত বাহিনীটোত কেপ্তেইন পৰ্যায়ৰ সহকাৰী অধিনায়ক পদবী লাভ কৰিছে । ইতিমধ্যে তেওঁলোকে কিছুদিন পূৰ্বে বিহাৰৰ গয়াত থকা অফিচাৰ ট্ৰেইনিং অকাডেমিত ( অ টি এ ) দেশৰ আন আন বাহিনীৰ সৈতে এবছৰীয়া কঠোৰ প্ৰশিক্ষণ সুখ্যাতিৰে সম্পন্ন কৰিছে । প্ৰশিক্ষণৰ সময়চোৱাত ডেৰ শতাধিক বিষয়াৰ ভিতৰত বাহিনীটোৰ গুৰশুং কেনেডি শৰ্মাই শ্ৰেষ্ঠ বিষয়া কেডেটৰ সন্মান লাভ কৰিছিল । আনহাতে এবছৰীয়া প্ৰশিক্ষণ সমাপ্ত কৰাৰ পাছত আসাম ৰাইফলছৰ ৯ জন বিষয়াই বাহিনীটোৰ শ্বিলঙৰ লাইটকৰত থকা মুখ্য কাৰ্যালয়ত সহকাৰী অধিনায়ক হিচাপে ( Assistent Commandent ) যোগদান কৰিছে । ১৪ জুলাইত মুখ্য কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত আসাম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰে ৯ জন বিষয়াৰে সৈতে মত বিনিময় কৰি বাহিনীত যাতে নিষ্ঠাৰে সেৱা আগবঢ়াই তাৰ কামনা কৰে । ইয়াৰ উপৰিও লেফটেনেণ্ট জেনেৰেল নায়াৰে অ টি এ’ত প্ৰশিক্ষণৰ সময়ত শ্ৰেষ্ঠ বিষয়া কেডেটৰ সন্মান লাভ কৰা বাবে গুৰশুং কেনেডি শৰ্মাক বিশেষভাবে সম্বৰ্ধনা জনায় । অনুষ্ঠানত বাহিনীটোৰ অতিৰিক্ত সঞ্চালক প্ৰধানকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে আসাম ৰাইফলছত কমেও বাৰ বছৰ জোৱান হিচাপে সুখ্যাতিৰে কৰ্তব্য সম্পাদন কৰা লোক সকলৰ মাজৰ পৰা দক্ষতা আৰু যোগ্যতা অনুসৰি সহকাৰী অধিনায়ক পদত বাছনিৰ বাবে কেবাটাও স্তৰত পৰীক্ষা অনুষ্ঠিত কৰা হয় । কঠিন শাৰীৰিক , মানসিক আৰু লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকক এবছৰীয়া কঠিন প্ৰশিক্ষণৰ গয়াৰ অ টি এলৈ প্ৰেৰণ কৰা হয় । আনহাতে ৯ জন সহকাৰী অধিনায়কৰ ভিতৰত অসমৰ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ কৃষ্ণ বাহাদুৰ ৰসাৰ উপৰিও মণিপুৰৰ ৩ জন , পশ্চিমবঙ্গৰ দাৰ্জিলিঙৰ দুজন , নাগালেণ্ড আৰু জম্বু – কাশ্মীৰৰ এজনকৈ জোৱান আছে ।
Trending
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika