মহানগৰীৰ জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতি , গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষী প্ৰশাসনৰ যৌথ উদ্যোগত আজি বিয়লি ৩ বজাত পাণ্ডু কলেজ গেট দুৰ্গা মণ্ডপ প্ৰেক্ষাগৃহত ক`ভিড ১৯ ৰ সজাগতা সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয় । জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ সভাপতি ভূপেন্দ্ৰ নাথ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভা খনত ক`ভিড প্ৰট`কল মানি চলি নাগৰিক সমিতি আৰু স্থানীয় বজাৰ সমিতিৰ প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত থাকে । সভাখনৰ আৰম্ভণিতে উদ্দেশ্যে ব্যাখ্যা কৰে জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে । সভাত জিলা প্ৰশাসনৰ তৰফৰ পৰা যুটীয়া আয়ুক্ত পুলক মহন্ত , অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শইকীয়া , দণ্ডাধীশ প্ৰশান্ত বৰা , মহানগৰ আৰক্ষী প্ৰশাসনৰ পশ্চিম সংমণ্ডলৰ আৰক্ষী উপ-আয়ুক্ত নৱনীত মহন্ত , সহকাৰী উপ-আয়ুক্ত সুভাশীষ বৰুৱা , জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক বৰাই মাৰাত্মক ক`ভিডৰ তৃতীয় ঢৌৰ পৰা নিজৰ লগতে সমাজৰ প্রতিটো স্তৰৰ লোক সকলক কেনেকৈ ৰক্ষা কৰিব পাৰি লগতে বিশেষকৈ ১৮ বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালী আৰু শিশু সকলক নিৰপদে ৰাখিব পাৰি সেই বিষয়ে বক্তব্য প্ৰদান কৰে । সজাগতা সভা খনত নাগৰিক সমিতি আৰু স্থানীয় বজাৰ সমিতিৰ পৰা শংকৰলাল পাৰিক , নিমাই চন্দ্ৰ দাস , পিয়াল শংকৰ দে , কমল দে , ৰিণা কাজী আৰু ঊষা দাসেও ক`ভিড সজাগতা সন্দৰ্ভত পৰামৰ্শ দাঙি ধৰে।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি