ভয়াবহ কৰ’না ভাইৰাছৰ সামাজিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে সুদীৰ্ঘ দিন ধৰি বন্ধ হৈ আছে সমগ্ৰ ৰাজ্য কিম্বা ৰাজধানী মহানগৰীৰ শিক্ষানুষ্ঠান সমূহ । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বৰ্তমান অব্যাহত আছে অনলাইন শিক্ষা ব্যৱস্থা । ইয়াৰ মাজতেই অফুৰন্ত সময় অতিবাহিত কৰিছে বিদ্যালয় পৰ্যায়ৰ কণ কণ ছাত্র – ছাত্ৰী সকলে । নিজ গৃহতেই বন্দী হৈ কোনোবাই যদি লুডু – কেৰম আদি খেলত ব্যস্ত হৈ পৰিছে আন কোনোবাই আকৌ ছবি আঁকি – টি ভি চাই সময় পাৰ কৰিছে । ইয়াৰ মাজতেই গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ কেইজনমান শিশুৱে বিভিন্ন ধৰণৰ ঘৰৰ নক্সা বনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । উল্লেখনীয় যে মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা চেইণ্ট ক্লাৰেট স্কুল আৰু চেইণ্ট যোচেফ স্কুলৰ কেইজনমান কণ কণ ছাত্র – ছাত্ৰীয়ে বিদ্যালয় বন্ধ আৰু অনলাইন পাঠদানৰ মাজতেই সাজি উলিয়াইছে ঘৰৰ কেবাটাও আকৰ্ষণীয় নক্সা । আজাৰা চেইণ্ট ক্লাৰেট স্কুলৰ ক্ৰমে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী দৃষ্টি শৰ্মা , চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ক্ৰমে কৃশানকু কলিতা আৰু প্ৰিয়াংশু দাস , প্ৰথম শ্ৰেণীৰ ছাত্ৰী ধৃতি শৰ্মা আৰু চেইণ্ট যোচেফ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ অৰ্ণব নাথে বিভিন্ন আৰ্হিৰ ঘৰ সাজি বিদ্যালয় বন্ধৰ সময় পাৰ কৰিছে । আনহাতে বিদ্যালয় বন্ধৰ সময়ত গৃহকৰ্মৰ ভিত্তিত অনুষ্ঠিত এক প্ৰতিযোগিতাত ধৃতি শৰ্মাই প্ৰথম , দৃষ্টি শৰ্মাই দ্বিতীয় , অৰ্ণব নাথে তৃতীয় , কৃশানকু কলিতাই চতুৰ্থ আৰু প্ৰিয়াংশু দাসে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয় । কণ কণ ছাত্র – ছাত্ৰী সকলৰ এনে নিপুনতাক সকলোৱে প্ৰশংসা কৰিছে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan