ঢকুৱাখনা কৃষি বিভাগে বিলালে  উন্নত জাতৰ শালি ধানৰ কঠিয়া  

0 469

লখিমপুৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ  ঢকুৱাখনা কৃষি চক্ৰই  চহা শ্রমজীৱী পৰিয়ালৰ  মাজত বুধবাৰে  উন্নত জাতৰ ,বাৰিষা বানৰ সতে  সহ অৱস্থান কৰিব পৰা  শালি ধান “বাহাদুৰ চাব ১ ৰ কঠিয়া বিনামূলীয়া ভাৱে  বিতৰণ কৰে । মহকুমা কৃষি বিভাগৰ  ঢকুৱাখনা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া মন্দিৰা বৰবৰাৰ উদ্যোগত , কৃষি সম্প্ৰসাৰণ সহায়ক সুশীল বৰুৱাৰ সহযোগত যোৱা ২৭ জুনত  চক্ৰটোৰ গন্ধিয়া পঞ্চায়তৰ ঘাৰমৰা অঞ্চলৰ ২ হেক্টৰ মাটিত এই প্ৰচুৰ উৎপাদনক্ষম  শালি ধানৰ কঠিয়াৰ বীজ সিঁচা হৈছিল। সেই কঠিয়াই পূৰ্ণতা লাভ কৰাত  বুধবাৰে  অনুষ্ঠানিক ভাবে চহা ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হয়।  ঢকুৱাখনাৰ ৰাজহ চক্ৰ বিষয়া ৰাহুল দলে ,  কৃষি উন্নয়ন বিষয়া মন্দিৰা বৰবৰা ,  সুশীল বৰুৱা , পঞ্চায়ত প্ৰতিনিধি আদিৰ উপস্থিতিত  অঞ্চলটোৰ মুঠ ২০ গৰাকী  কৃষক পৰিয়ালৰ মাজত  এই বাহাদুৰ চাব ১ জাতৰ শালি ধানৰ কঠিয়া বিতৰণ  কৰি এই বিতৰণ পৰ্বৰ শুভাৰম্ভ কৰা হয়।  ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা , দুৰ্যোগ প্ৰশমন ২০২১-২০২২ বর্ষৰ  সামূহিক বাগান  শিতানত চহা ৰাইজৰ উপযোগীকৈ চক্ৰটোত স্থাপন কৰা হৈছে মুঠ ১৮ হেক্তৰ মাটি কালিত এই শালি ধানৰ কঠিয়া।  আজি আনুষ্ঠানিক ভাৱে এই কৃষক উপকৃতকৰণ  আঁচনিৰ অধীনত বিনামূলীয়া কঠিয়া  বিতৰণ পৰ্বৰ শুভাৰম্ভ কৰি ৰাজহ  চক্ৰ বিষয়া দলেয়ে এই  চৰকাৰী সুবিধা লাভ কৰি কৃষক সকল বহুলাংশে উপকৃত আৰু লাভান্বিত হব পাৰিব বুলি আশা প্ৰকাশ কৰে।  কৃষি উন্নয়ন বিষয়া বৰবৰাই প্ৰায় এপষেক ধৰি এই ধানৰ কঠিয়া পানীৰ তলৰ ডুব গৈ থাকিলেও বিনষ্ট নহয় বুলি জানিবলৈ দি  কম সময়তে প্ৰচুৰ ফচল উৎপাদন কৰিবলৈ এই জাতৰ ধান সক্ষম বুলি অৱগত কৰে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.