অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম ( এমট্ৰন) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দীৰ্ঘ দুৰত্বৰ ইন্টাৰনেট সেৱা প্ৰদানৰ বাবে এন এল ডি, আই এল ডি আৰু আই এছ পি অনুজ্ঞা প্ৰাপ্ত দেশৰ ভিতৰতে প্ৰথম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। এই সম্পৰ্কে কালি নতুন দিল্লীত ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ অধীনস্থ টেলি সংযোগ বিভাগৰ সৈতে এমট্ৰনৰ এক চুক্তি স্বাক্ষৰিত হয়। টেলিসংযোগ বিভাগৰ সঞ্চালক ধনঞ্জয় ৰঞ্জন আৰু এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱে পুণৰ নবীকৰন যোগ্য ২০ বছৰীয়া এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ জৰিয়তে এমট্ৰনে অসমৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ আৰু ভূটান, নেপাল, ম্যানমাৰ, বাংলাদেশ আদি চুবুৰীয়া ৰাষ্ট্ৰ সমূহত উচ্চ গতি সম্পন্ন ইন্টাৰনেট ব্যৱস্থাৰ উন্নীতকৰণ আৰু সেৱা আগবঢ়োৱাৰ অনুজ্ঞা লাভ কৰিলে । বহু প্ৰত্যাশিত এই ব্যৱস্থাৰ জৰিয়তে অঞ্চলটোত ইন্টাৰনেট সেৱা অধিক সহজ, ফলপ্ৰসু আৰু ক্ষীপ্ৰ কৰি তোলাৰ ক্ষেত্ৰত এমট্ৰনক সক্ষম কৰি তুলিব বুলি আশা কৰা হৈছে।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ