অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচ ডট কমে অলপতে ষষ্ঠ বৰ্ষত ভৰি দিয়া উপলক্ষে কেইগৰাকীমান বিশিষ্ট ব্যক্তিক এন ই ফ’কাচ গ্লৰি এৱাৰ্ড বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাস বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰাৰ বাবে যোৱা ১৭ আগষ্টত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত উক্ত গ্লৰী এবাৰ্ড বঁটা প্ৰদান কৰা হয়। এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়া বেতকুছিস্থিত মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত জিলা পৰিবহন বিষয়া (পজ্ঞীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসক একোখনকৈ গামোচা, চেলেং চাদৰ, মানপত্ৰ আৰু গ্ল’ৰী এবাৰ্ড বঁটা প্ৰদান কৰাৰ লগতে আৰু আন এগৰাকী জিলা পৰিবহন বিষয়া (প্ৰৱৰ্তক) হিমাংশু দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বঁটা গ্ৰহণ কৰি জিলা পৰিবহন বিষয়া গৌতম দাসে নিউজ পৰ্টেল এন ই ফ’কাচ ডট কমক প্ৰশংসা কৰাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে এন ই ফ’কাচ গ্লৰী এৱাৰ্ডে বিভূষিত কৰে অসমৰ সমাজ, সংস্কৃতি জগতলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা ৰাজ্যৰ আন ৪ গৰাকীকৈ ব্যক্তি ক্ৰমে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা বিশিষ্ট সমাজ সেৱক কুসুম কুমাৰ মহন্ত, বিশিষ্ট সমাজ কৰ্মী তথা উদ্যোগী দিলৱাৰ হুছেইন, বিশিষ্ট চিকিৎসক তথা সৰ্প দৰ্শনৰ সামাজিক কৰ্মকতা ডাঃ সুৰজিৎ গিৰি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়াক।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন