৭৫ তম স্বাধীনতা দিৱস উলপক্ষে আয়ুষ্মান ভাৰত:প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাৰ যোগেদি অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে কামৰূপ জিলাৰ ব্যক্তিগত খণ্ডৰ হাস্পতাল জিএনআৰচি মেডিকেল লৈ আগবঢ়াইছে বিশেষ প্ৰশংসা পত্ৰ।অসমৰ দুখীয়া জনসাধাৰণৰক নগদ ধন নোলোৱাকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ২০১৮ চনৰ পৰা প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিছে।এই পৰ্যন্ত জিএনআৰচিয়ে প্ৰায় ১৩ হাজাৰতকৈ অধিক ব্যক্তিক এই আঁচনিৰ অধীনত চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হৈছে।দুখীয়া জনসাধাৰণৰক উচ্চ চিকিৎসা প্ৰদানেৰে এখন স্বাস্থ্যৱান সমাজ গঢ়ি তোলাৰ জিএনআৰচিৰ সকলোৰে বাবে স্বাস্থ্য ,সকলোৰে মুখত হাঁহি বিৰিঙাৰ যি লক্ষ্য সাফল্যমণ্ডিত কৰি তোলাত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই বিশেষ অৰিহণা যোগাইছিল।পুৰস্কাৰ লাভ কৰি জিএনআৰচি হাস্পতাল আৰু ব্যয় সাধ্য স্বাস্থ্য আঁচনিৰ প্ৰতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰাই অসম চৰকাৰক ধন্যবাদ জনোৱা লগতে ভৱিষ্যতলৈ এনে সেৱাৰ এখন সুস্বাস্থ্যবান সমাজ গঢ়াৰ প্ৰয়াস চলাই যাব বুলিও জনায়।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram