ভাৰত চৰকাৰে দেশৰ আন প্ৰান্তৰ দৰে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ আৰ চি এছৰ অধীনত পোনপটীয়া যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছে । ইয়াৰ অংশহিচাপে ফ্লাইবিগ নামৰ বিমান পৰিবহণ সংস্থাটোৱে আজিৰে পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজুলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিছে । অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা ভি ডি অ কনফাৰেনসিং ব্যৱস্থাৰে তেজু বিমান বন্দৰত ফ্লাইবিগ নামৰ বিমান সেৱা প্ৰতিষ্ঠানটোৰ অধীনত চলাচল আৰম্ভ হোৱা গুৱাহাটী – তেজু – গুৱাহাটী বিমান সেৱা শুভাৰম্ভ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে । আনহাতে এই উপলক্ষে তেজু বিমান বন্দৰত আয়োজিত চমু অনুষ্ঠানত অৰুণাচল প্ৰদেশ চৰকাৰৰ বিমান পৰিবহণ আৰু পৰ্যটন মন্ত্রী নাকাপ নালো , ৰাজ্যখনৰ লোকসভাৰ সাংসদ এছ তাপীৰকে ধৰি লোহিত জিলা প্রশাসনৰ কেবাজনো উচ্চপদস্থ বিষয়া , ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্তকে ধৰি প্ৰাধিকৰণৰ কেবাজনো বিষয়া উপস্থিত থাকে । আনহাতে এই সন্দৰ্ভত ৰবি কান্তে জানিবলৈ দিয়া মতে প্ৰথম পৰ্যায়ত ১৯ আগষ্টৰ পৰা ৩০ অক্টোবৰলৈ প্ৰতি সপ্তাহত চাৰিদিনকৈ গুৱাহাটীৰ পৰা তেজুলৈ আৰু তেজুৰ পৰা গুৱাহাটীলৈ পোনপটীয়াকৈ বিমান চলাচল কৰিব । সেই অনুসৰি সপ্তাহৰ মঙলবাৰ , বৃহস্পতিবাৰ , শনিবাৰ আৰু দেওবাৰে “এ টি আৰ – ৭২ শ্ৰেণীৰ ৭২ আসনযুক্ত বিমানখন বৰঝাৰ বিমান বন্দৰৰ পৰা পুৱা ৮.২৫ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু ১ ঘন্টা ১০ মিনিট উৰণৰ অন্তত ৯.৩৫ বজাত গৈ তেজু বিমান বন্দৰত অৱতৰণ কৰিব । তেনেদৰে পুনৰ বিমানখন পুৱা ৯.৫৫ বজাত তেজু বিমান বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু এঘন্টা ২০ মিনিট উৰণৰ অন্তত ১১.১৫ বজাত আহি বৰঝাৰ বিমান বন্দৰ পাব । ইতিমধ্যে আজি যাত্ৰাৰ প্ৰথম দিনটোতে যাত্ৰীৰ ইতিবাচক সঁহাৰি পোৱা গৈছে । ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ অধীনত অৰুণাচল প্ৰদেশৰ একমাত্ৰ কাৰ্যক্ষম হৈ থকা তেজু বিমানলৈ বিমান চলাচল আৰম্ভ হোৱাৰ পাছত লোহিত জিলাকে ধৰি পৰ্যটনৰ আকৰ্ষণীয় থলী হিচাপে পৰিচিত বৃহত্তৰ অঞ্চলটোত ইতিবাচক প্ৰভাৱ পৰিব বুলি ৰবি কান্তে আশা প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ অন্যতম তীৰ্থস্থান স্বৰূপ পৰশুৰাম কুণ্ডলৈ যোৱা তীৰ্থযাত্ৰী সকল তেজুলৈ পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ পাছত বাৰুকৈয়ে উপকৃত হব । কিয়নো তেজুৰ পৰা পৰশুৰাম কুণ্ডলৈ পথৰে গলে সৰ্বাধিক ডেৰ ঘণ্টা লাগে । আনকি তেজুলৈ বিমান চলাচল আৰম্ভ হোৱাৰ পাছত এতিয়া ভাৰত – চীন আৰু ভাৰত – ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চললৈ গুৱাহাটীকে ধৰি দেশৰ আন প্ৰান্তৰ পৰা যাতায়ত ব্যৱস্থা অতি সুচল হৈ পৰিব । ইতিমধ্যে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সীমান্ত পথ সংগঠনৰ ( Border Roads Organization ) তিনিচুকীয়াৰ ডুমডুমাস্থিত “উদয়ক প্ৰকল্প”ৰ অধীনত ধলা – শদিয়া সংযোগী ডঃ ভূপেন হাজৰিকা সেঁতুৰ পৰা ৰয়িং , তেজু , মায়োডিয়া , পৰশুৰাম কুণ্ডহৈ চীন আৰু ম্যানমাৰ সংযোগী পথ সমূহ দুই লেনযুক্তকৈ নিৰ্মাণ কৰিছে ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram