চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত গঢ়লৈ উঠা ভৰলী পৰীয়া কন্যকা কৃষি পামত সোমবাৰে স্থাপন কৰা নামঘৰত প্ৰতিষ্ঠা কৰা হয় গুৰু থাপনা ৷ ভৰলী পৰীয়া কন্যকা কৃষি পাম পৰিদৰ্শন কৰিবলৈ অহা লোক সকলৰ বাৱে এই নামঘৰ প্ৰতিষ্ঠা কৰা হয় বুলি জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷ এতিয়াৰে পৰা কন্যকাত সকলো সময়তে এক আধ্যাত্মিক পৰিবেশ চৰ্চা হৈ থাকিব ৷ এক মুকলি পৰিবেশত, মুকলি মনৰে এই স্থানত প্ৰতিজন ব্যক্তিয়ে ভক্তিৰসত নিজকে বিলীন কৰি দিয়াৰ এক আশ্ৰয়স্থল হিচাপে লব পাৰিব ৷ কন্যকাত এখন আটক ধুনীয়া বৃদ্ধাশ্ৰম নিৰ্মাণৰো পৰিকল্পনা লোৱা বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ আজি পুৱা ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে নামঘৰটিত স্থানীয় ভক্তপ্ৰাণ ৰাইজে থাপনা প্ৰতিষ্ঠা কৰাৰ লগতে দুপৰীয়া নামপ্ৰসংগও অনুষ্ঠিত কৰে ৷ নামঘৰত আঠুলৈ বিধায়ক গৰাকীয়ে সকলো শ্ৰেণীৰ ৰাইজৰ মঙ্গল কামনাৰ্থে ৰাইজৰ আৰ্শীৱাদ গ্ৰহণ কৰে ৷
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ