বিশ্বৰ আপোচহীন সংগ্ৰামী সত্তা, ভিয়েটনামৰ মুক্তিযুঁজৰ নেতা হো চি মিনৰ জীৱন আৰু সংগ্ৰামৰ কাহিনী সম্বলিত প্ৰদ্যোৎ গুহৰ বাংলা পুথিৰ এটি অসমীয়া সংস্কৰণ আজি গুৱাহাটীত উন্মোচন কৰি হয়। পুথিখন অসমীয়ালৈ তৰ্জমা কৰিছে উমেশ গগৈয়ে। পুথিখন উন্মোচন কৰি বিশিষ্ট বাওপন্থী নেতা মুনীন মহন্তই কয় যে হো চি মিনৰ জীৱন কাহিনী আজিৰ পটভূমিতো প্ৰাসংগিক। কাৰণ তেওঁৰ সংগ্ৰামে সকলো সময়তে আমাক প্ৰেৰণাদীপ্ত কৰে। সভাত অতিথি হিচাপে উপস্থিত থাকি লেখক ড:পৰমানন্দ মজুমদাৰে উমেশ গগৈয়ে এনে এখন পুথি অসমীয়া পঢ়ুৱৈৰ হাতত তুলি দি এটি মহৎ দায়িত্ব পালন কৰিলে। কিয়নো সাম্ৰাজ্যবাদী বিৰোধী সংগ্ৰামত অৱতীৰ্ণ হৈ বিশ্ব শান্তি প্ৰচেষ্টাত তেওঁৰ ভূমিকা আছিল ঐতিহাসিক। এই পুথিত অকল তেওঁৰ জীৱনৰ কথাই লিপিবদ্ধ হোৱা নাই, তৎকালীন বিশ্বৰ সাম্ৰাজ্যবাদী শিবিৰৰ কাৰ্যকলাপৰো ৰূপৰেখাৰ তুলি ধৰা হৈছে । আজিৰ প্ৰজন্ম এই পুথিৰ পৰা অনুপ্ৰাণিত হ’ব বুলি আশা কৰিব পাৰি। হো চি মিনৰ সংগ্ৰামৰ পৰা শিক্ষা নললে আমি আমাৰ সময়ৰ সংকট নিৰ্মূল কৰাৰ পথ নিৰ্মাণ কৰিব নোৱাৰোঁ বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। সভাত অনুবাদক উমেশ গগৈয়েও চমু বক্তব্য দিয়ে। সভাত ডম্বৰু বৰা,বাবুল চৌধুৰী প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰে।সভাৰ আঁত ধৰে নাৰীৰ স্বাধিকাৰ আন্দোলনৰ নেতৃ অসমী গগৈয়ে।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী