সুদীৰ্ঘকাল বিভিন্ন আলোচনী-সাহিত্য মূলক গ্ৰন্থ আদিত লেখা-মেলা কৰি অসমীয়া সাহিত্য জীপাল কৰি অহা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শ’লগুৰি গাঁৱৰ নিৱাসী অবসৰী শিক্ষক, কবি খগেন হাজৰিকাক গহপুৰৰ কবি কানন ৰূপহী পাৰৰ কৱিতা গোষ্ঠীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে৷ অসম সাহিত্য সভা,সদৌ অসম কবি সন্মিলন,সদৌ গ্ৰাম্য পুথিভৰাল,বাৰেচহৰীয়া ভাওনা সমিতি,ছাঁ সাহিত্য গোষ্ঠীৰ লগত জৰিত প্ৰবীন কবি গৰাকীক আজি আনুষ্ঠানিকভাৱে তেওঁৰ বাস গৃহত এই সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ এই উদ্দেশ্যৰে খগেন হাজৰিকাৰ বাসগৃহত ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা প্ৰাপক অবসৰী শিক্ষক মহেশ্বৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এক গাম্ভীৰ্য্য পূৰ্ণ সভাত খগেন হাজৰিকাক তেওঁ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান তথা ৰূপহী পাৰৰ কবিতা আলোচনীৰ নিষ্ঠাৰে আঞ্চলিক সম্পাদকৰ দায়িত্ব বহন কৰা বাৱে চেলেং,গামোছা,মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ ৮৫ বছৰ গৰকা প্ৰবীন কবি গৰাকীৰ সম্বৰ্দ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি খগেন হাজৰিকাৰ সাহিত্য কৰ্মৰ ওপৰত বক্তৱ্য প্ৰদান কৰে- গহপুৰৰ কবি, সাহিত্যিক ,নগেন কোঁৱৰ,গহপুৰ কবি কাননৰ সভানেত্ৰী নিকুঞ্জ কোঞৰ মহন্ত,ৰূপহী পাৰৰ কবিতাৰ সম্পাদিকা সৱিতা কোঁৱৰ,জামুগুৰি সাহিত্য সভাৰ সম্পাদক নাৰায়ন শইকীয়া,নদুৱাৰ প্ৰেছ ক্লাৱৰ সভাপতি ফণীন্দ্ৰ বৰুৱা,জামুগুৰিহাটৰ বিশিষ্ট সমাজকৰ্মী যোগেন বৰুৱা,গহপুৰৰ বিশিষ্ট কবি ,সাহিত্যিক অনন্ত বৰাই ৷ সভাখনিত বিভিন্নজনে কবিতা আবৃত্তিৰেও কবি খগেন হাজৰিকাক অভিনন্দন জ্ঞাপন কৰে ৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক প্ৰাণৱন্ত কৰি তোলা খগেন হাজৰিকাই ঝংকাৰ,আহক এজাক সেউজীয়া বৰষুণ,একাজলি কৱিতাৰ সুৱাস,কাব্য সংকলনৰ লগতে শোণিতপুৰীয়া শব্দ সমলয়,নামৰ এখন কাব্য সংকলনো সম্পাদনা কৰে ৷ সভাৰ অন্তত খগেন হাজৰিকাৰ পৰিয়াল বৰ্গৰ হৈ বিষয় শিক্ষক বিপুল বৰা আৰু গহপুৰ কবি কাননৰ হৈ শলাগৰ শৰাই আগবঢ়ায় নিকুঞ্জ কোৱঁৰ মহন্তই৷গাম্ভীৰ্য্যপূৰ্ণ সভাখনিত কনমানি শিশু আইলিন হাজৰিকাই কবিতা আবৃত্তিৰে দৰ্শক ৰাইজক আপ্লুত কৰে৷
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী