পলাশবাৰী সমষ্টিৰ উপৰহালী গাঁৱৰ সু-সন্তান তথা নৱ নিৰ্বাচিত বিধায়ক হেমাংগ ঠাকুৰীয়াক গাঁৱখনৰ ৰাইজে আজি বিশেষ ভাৱে সম্বৰ্ধনা জনায়। উপৰহালী ৰাইজ গয়ৰহৰ সৌজন্যত উপৰহালীস্থিত চিলাৰায় ভৱনত দিনৰ ১২ বজাত অনুষ্ঠিত বিধায়ক ঠাকুৰীয়াক বিপুলভাৱে সম্বৰ্ধনা জনোৱা এই সমগ্ৰ অনুষ্ঠানৰ আঁতধৰে উপৰহালী ৰাইজ গয়ৰহৰ সম্পাদক তথা সাংবাদিক পবিত্ৰ কুমাৰ দাসে। সভাখনত সভাপতিত্ব কৰে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি মালব্য মোহন তালুকদাৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গয়ৰহৰ সাধাৰণ সম্পাদক দীপক তালুকদাৰে। ইয়াৰ পিছতে বিধায়ক হেংমাগ ঠাকুৰীয়াক উপৰহালী ৰাইজ গয়ৰহ তৰফৰ পৰা এখন ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, ফুলাম জাপি আৰু সম্বৰ্ধনা পত্ৰৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে সম্পাদক পবিত্ৰ কুমাৰ দাসে উপৰহালী গাঁওৰ ন-টা বিশেষ সমস্যা সমাধানৰ অৰ্থে ন-টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ পাঠ কৰি গয়ৰহৰ জৰিয়তে বিধায়কক প্ৰদান কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়ক হেমাংগ ঠাকুৰীয়াই নিজ জন্মভূমি উপৰহালী গাঁৱৰ ৰাজনৈতিক পৰিক্ৰমা ভাষণ প্ৰসঙ্গত উল্লেখ কৰি নিজে শিক্ষা গ্ৰহণ কৰা তথা পিতৃয়ে শিকক্ষতা কৰা উপৰহালী হাইস্কুল, বিজয়নগৰৰ কৃত্ৰিম বানপানীৰ সমস্যা, এখন ফুটবল খেল পথাৰ নিৰ্মাণ কৰাৰ লগতে বিভিন্ন সমস্যাৰে জৰ্জৰিত গাঁৱৰ সমস্যা সমাধানৰ আশ্বাস দিয়ে। বাৰিষা আহিলে পানীত বুৰ গৈ ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কৰাত উপৰহালী হাইস্কুলে সন্মুখীন হোৱা অসুবিধা আৰু উপৰহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো বাৰিষাৰ সময়ত পানীৰে উপচি পৰা সমস্যা সমাধান কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰি ৩.৫০ কোটি টকীয়া এক নলা আৰু পথৰ কাম অনুমোদন কৰিছে বুলি কয়। শীঘ্ৰে এই নলা আৰু পথচোৱাৰ কাম আৰম্ভ হ’ব বুলি ভাষণ উল্লেখ কৰে। লগতে উপৰহালী গাঁৱৰ ৫ নং অঙ্গনবাড়ী কেন্দ্ৰটোক আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ হিচাবে গঢ়ি তোলাত ৰাজ্য চৰকাৰৰ পৰা ২৫ লাখ টকা অনুমোদনৰ কথা জনায়। লগতে উপৰহালী গাঁৱৰ একমাত্ৰ ১২৫ বছৰীয়া নামঘৰৰ বাবে ৫ লাাখ টকা বিধায়ক পূজিৰ পৰা দিয়াৰ কথা ঘোষণা কৰে। পৰ্যায়ক্ৰমে গাঁৱখনৰ অন্য সমস্যা সমূহো সমাধান কৰাৰ কথাও উল্লেখ কৰি গাঁওখনত মদ আৰু জুৱাখেল শীঘ্ৰ বন্ধ হ’ব লাগে বুলি উল্লেখ কৰে। সভাত ৰাইজ গয়ৰহৰ উপদেষ্টা নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, গজিন ঠাকুৰীয়া, গিৰিশ ঠাকুুৰীয়া, প্ৰফুল্ল ঠাকুৰীয়া, অশ্বিনী তালুকদাৰ, যতীন তালুকদাৰ, উপৰহালী গাঁও পঞ্চায়তৰ সভাপতি জগদীশ ঠাকুৰীয়া, আঞ্চলিক সদস্যা কবিতা ৰাণী দাস তালুকদাৰৰ লগতে বহুকেইন জ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তি, অঞ্চলটোৰ পুৰুষ-মহিলাসকল উপস্থিত থাকে। সভাৰ শেষত শলাগৰ শইৰাই আগবঢ়ায় ৰাইজ গয়ৰহৰ সাধাৰণ সম্পাদক দীপক তালুকদাৰে।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন