আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ জনজাতীয় অধ্যুষিত অঞ্চল ৰিহাবাৰীৰ সংস্কৃতিপ্ৰাণ বিশিষ্ট ব্যক্তি তথা অধিবক্তা জয়ন্ত কুমাৰ ৰাভাৰ চোতালত “শাওণৰ পথাৰত” শীর্ষক ভিডিঅ` এলবাম এটি শুভ উন্মোচন কৰা হয়। প্ৰদীপ প্ৰজ্বলন লগতে ভিডিঅ` এলবামটি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাংবাদিক, লেখক দীপক শৰ্মাই। কবি, সাংবাদিক শ্ৰীশৰ্মাই কয়- “মাটিৰ গোন্ধ থকা প্ৰতিটো গীতে প্ৰাণ টানি ধৰে। বৰ্তমান সময়ত মাটি-পানীৰ সম্পর্ক থকা গীতৰ সংখ্যা কমিছে। ই শুভ লক্ষণ নহয়।” শ্রীশৰ্মাই আৰু কয়- “জয়ন্ত কুমাৰ ৰাভাৰ অতি নান্দনিক, অনুপম শব্দৰে সমৃদ্ধ তথা মাটি-পানী, চহা জীৱনৰ কথাৰে সমৃদ্ধ গীতৰ কথাই আমাক আপ্লুত কৰিছে। শাওণত ভূঁই ৰুই, আহিনত আহিনত সজাল ধৰিব লগাকৈ , শেষত সোণগুটি ভড়ালত থব পৰাকৈ কৃষকৰ শ্ৰম জীৱনৰ ওপৰত ৰচিত গীতটিয়ে সকলোৰে প্ৰাণত প্ৰাণবন্ত কৰি তুলিব বুলি কব পাৰি।” শিল্পী ৰিংকু ৰাভাই আঁত ধৰা সভাত সমাজকৰ্মী সাধুচৰণ ৰাভা, ঋতুপর্ণ ৰাভা, সুজিত বড়ো প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰে। জয়ন্ত কুমাৰ ৰাভাৰ প্ৰয়োজনা কৰা এলবামটিৰ সংগীত পৰিচালনা-শব্দ মিশ্রণ পৰাগ ঈশান, কন্ঠশিল্পী ঋতুপর্ণ ৰাভা, গীতৰ কথা জয়ন্ত কুমাৰ ৰাভা,অভিনেতা- অভিনেত্ৰী অভিজিৎ ৰাভা, কাশ্মীৰী বড়ো, ভিডিঅ সম্পাদক সুজিত বড়ো, চিনেমাটোগ্ৰাফাৰ হিৰণ্য কুমাৰ দাস,মেক আপ প্ৰলয় ৰাভা,ভিডিঅ সম্পাদক শ্যামল দাস।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী