আগন্তক দুৰ্গা পূজা উদযাপনকে ধৰি ৰাইজৰ বিভিন্ন সমস্যা আলোচনা কৰি তাক সমূহীয়াভাবে সমাধান কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ নাগৰিক সমিতিৰ এখন সভা ২১ ছেপ্টেম্বৰত সন্ধিয়া পাণ্ডুৰ আমেৰিকান কলনীৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায় । ৱাৰ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অৰ্দ্ধ শতাধিক প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাসে আৰু উদ্দেশ্য ব্যাখ্যা কৰে যুটীয়া সম্পাদক বিকাশ দাসে । সভাত উপস্থিত কেবাজনেও ৱাৰ্ডত অনুষ্ঠিত লবলগীয়া আগন্তক দুৰ্গা পূজা কিদৰে চৰকাৰী নীতি – নিৰ্দেশনা, ক’ভিড বিধি অনুসৰি কিদৰে উদযাপন কৰিব পাৰি ,খোৱাপানী , বাটপথকে ধৰি স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা উন্নয়নমূলক কামকাজ সমূহত সহযোগিতা আগবঢ়োৱা আদি বিষয়ৰ ওপৰত আলোকপাত কৰে । তেনেদৰে জালুকবাৰী সমষ্টিটোক সৰ্বাংগীন বিকাশৰ বাবে ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা সপোনৰ জালুকবাৰীক যথাৰ্থ ৰূপ দিয়াৰ কেবাজনো বক্তাই ৱাৰ্ডবাসীক আহ্বান জনায় । শেষত শলাগৰ শৰাই আগবঢ়াই সমিতিৰ যুটীয়া সম্পাদক ৰূপন চক্ৰৱৰ্তীয়ে ।
Trending
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam