লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ কল্যান বিষয়া কাৰ্য্যালয়ৰ অন্তর্গত চাহ আৰু প্ৰাক্তন চাহ জনজাতি উন্নয়ন বৰ্ডৰ সহযোগত মহকুমা কল্যান বিভাগৰ অধীনৰ চাহ বাগিচাৰ চৰ্দাৰ আৰু লাইন চকীদাৰ সকলৰ মাজত সোমবাৰে স্মাৰ্ট ফোন বিতৰণ কৰা হয়। সোমবাৰে বিয়লি ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বিতৰণ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি গুৰনেইল সিং , সহকাৰী আয়ুক্ত অভিজাত বৰুৱা , মহকুমা কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ,সহকাৰী আয়ুক্ত মাচি তপ্ন , চাহ বাগিচাৰ অধ্যক্ষ( টি জি টি) মেগনাথ কিস্কু আদি উপস্থিত থাকে। সভাতেই মহকুমাটোৰ একমাত্ৰ বাগান মধুপুৰ চাহ বাগিচাৰ মুঠ ১৫গৰাকী চাহ বাগিচা চৰ্দাৰ আৰু লাইন চকীদাৰক চৰকাৰী ভাবে স্মাৰ্ট ফোন বিতৰণ কৰা হয়। বিতৰণ অনুষ্ঠানত মধুপুৰ চাহ বাগানৰ চৰ্দাৰ সকলক চৰকাৰী ভাবে আৱন্তন দিয়া এনে স্মাৰ্ট ফোনৰ উপৰিও অনাগত সময়ত বাইচাইকেল প্ৰদানৰো আঁচনিৰাজ্য চৰকাৰে গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। বাতৰি যুগুতালে অমৃত পৱন বৰাই ।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী