স্ব উদ্ভাৱনী শক্তিৰে ড্ৰন সাজি উলিয়ালে এইখন অসমৰে এজন কিশোৰে। কিশোৰ জনৰ নাম অবিনাশ ভূঞা।গহপুৰ প্ৰয়াত পদ্মেশ্বৰ ভূঞা আৰু বিউতি ভূঞাৰ সুযোগ্য সন্তান অবিনাশ ভূঞাই ইউটিউবৰ সহায় লৈ এটা ড্ৰন সাজি উলিয়াইছে।জানিব পৰা মতে এই ড্ৰন কেমেৰা সাজি উলিয়াওতে ব্যয় হৈছিল ১৪ হাজাৰ টকা।যোৱা মঙলবাৰে তেওঁ পৰীক্ষামূলক ভাৱে ৰিম’ট কণ্ট্ৰলৰ ড্ৰনটো সংবাদ মাধ্যমৰ আগত উৰুৱাই দেখায়।উল্লেখযোগ্য যে অনাগত দিনত তেওঁ যন্ত্ৰচালিত চৰাই সাজি আকাশত উৰুৱাৰ পৰিকল্পনা আছে।অবিনাশৰ এই সপোন বাস্তৱায়িত হওক আমি জনালোঁ অলেখ শুভকামনা।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram