শাৰদীয় শ্ৰীশ্ৰীদুৰ্গাপূজাৰ গইনা লৈ কোনো দুচকীয়া – চাৰিচকীয়া বাহনৰ উদণ্ড চালকে গুৱাহাটী মহানগৰীৰ ৰাজপথত অনিয়ন্ত্ৰিত বা দ্ৰুতগতিত বাহন চলাই সন্ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে তাৰবাবে বিশেষ সজাগতা অভিযান আৰম্ভ কৰিছে পৰিবহণ বিভাগৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কার্যালয়ে। ইতিমধ্যে জিলা পৰিবহণ বিষয়াৰ দায়িত্বত থকা নবনিযুক্ত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি প্ৰতি বছৰে দুৰ্গাপূজা, ৰঙালী বিহু, ইংৰাজী নৱবৰ্ষক আদৰাৰ নামত একাংশ চালকে অধিক বা অনিয়ন্ত্ৰিত গতিবেগত ৰাজপথত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে এইবেলি আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰা হৈছে। আনকি দুদিন পূৰ্বে ছয়মাইল উৰণীয়া সেতুৰ তলত এটা দুৰ্গা পূজাক প্ৰতিকী হিচাপে লৈ বাহন চালকৰ মাজত সজাগতা সৃষ্টিৰ বাবে এক অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ লগত সংগতি ৰাখি এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটত দূৰ্গাক পৰিবহণ বিভাগৰ ৰূপত আৰু মহিষাসুৰক মদাহী চালকৰ ৰূপত উপস্থাপন কৰা হৈছে। আনহাতে নাটকৰ জৰিয়তে অধিক বা অনিয়ন্ত্ৰিত গতিবেগত বাহন চলালে তাৰ পৰিনাম কিমান ভয়ংকৰ হ’ব পাৰে তাক দেখুওৱা হৈছে। বিশেষকৈ মদাহী চালকৰূপী মহিষাসুৰক দুৰ্গাৰূপী পৰিবহণ বিভাগে বাটত ধৰি কেনে ধৰণৰ শাস্তি বিহিলে তাকো দেখুওৱা হৈছে। সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰাৰ যি আহ্বান জনাইছে তাক সাৰ্থক ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। তেনেদৰে যদি কোনো চালকে ৰাজপথত অধিক মাত্ৰাত সুৰাপান কৰি বাহন চলায় বা কোনো চালকে দুৰ্গাপূজা বা উৎসৱৰ নামত অনিয়ন্ত্ৰিত গতিবেগত বাহন চলায় দুৰ্ঘটনা সংঘটিত কৰিলে তেওঁলোকৰ বিৰুদ্ধে অপৰাধযুক্ত গোচৰ ৰজু কৰা হব। প্ৰথম পৰ্যায়ত তেনে চালকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা আৰু অপৰাধ গুৰুতৰ হলে অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব। পূজাৰ নামত পথ সুৰক্ষাৰ দিশত কোনো ধৰণৰ আপোচ কৰা নহব। পুজালৈ আহিলেও দুচকীয়া বাহনৰ চালকে হেলমেট পৰিধান কৰিব লাগিব। তেনেদৰে চাৰিচকীয়া বাহনৰ চালক আৰু সন্মুখত বহি যোৱা আৰোহীয়ে চিটবেল্ট ব্যৱহাৰ কৰিব লাগিব। যদি কোনোবাই আইন ভংগ কৰে তেন্তে জৰিমনা ভৰাৰ লগতে তেওঁলোকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হ’ব। আনহাতে পূজাৰ কেইদিনত পৰিবহণ বিভাগে চৰকাৰে বান্ধি দিয়া ক’ভিড এছ অ পি, বিধিৰ লগতে যান বাহন আইন মানি চলিহে পূজা উপভোগ কৰিবলৈ পৰিবহণ বিভাগে সকলোকে আহ্বান জনাইছে। ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ আন জিলাৰ লগতে গুৱাহাটী মহানগৰীতো আৰক্ষী-জিলা প্ৰশাসনৰ সহযোগত আইন ভংগকাৰী চালকৰ বিৰুদ্ধে বিশেষ অভিযান চলোৱা হ’ব বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিবহণ বিভাগক “পথ সুৰক্ষা, জীৱন ৰক্ষা নীতিৰ যথাযথ ৰূপায়নৰে অসমক দুৰ্ঘটনামুক্ত ৰাজ্যলৈ পৰিণত কৰাৰ বাবে হাতে কামে নামি পৰিবলৈ নিৰ্দেশ দিছে ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram