ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ দুটা পৰ্যায়ত গোৱালপাৰা জিলাৰ দুধনৈস্থিত জবাহৰ নবোদয় বিদ্যালয় চৌহদত ২৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত ১৪ দিনীয়া বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ ১০ অক্টোবৰত সামৰণি পৰে । আনহাতে ৫০ আসাম এয়াৰ স্কোৱাদ্ৰোণ এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ , গ্ৰুপ কেপ্তেইন তথা শিবিৰৰ কেম্প কমাণ্ডেণ্ট ৰবীন বিষয়ৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত ইউনিটৰ অধীনৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ জুনিয়ৰ , চিনিয়ৰ , গাৰ্লছ ডিভিজনকে ধৰি মুঠ ৭০২ জন কেডেটে ভাগ লয় । আনহাতে দুটা পৰ্যায়ত এক সপ্তাহকৈ অনুষ্ঠিত শিবিৰত ভাগ লোৱা কেডেট সকলক প্ৰশিক্ষক সকলে ৰেঞ্জ ফায়াৰিং , ৰাইফল ড্ৰিল , ফুট ড্ৰিল , যোগ , পি টি , পেৰেড , ক্ৰছ ক্ৰান্তি , এৰো মডেলিং , স্বচ্ছ ভাৰত , চাফাই অভিযান , সাংস্কৃতিক অনুষ্ঠানৰ অনুশীলন , সমাজসেৱা আদিৰ প্ৰশিক্ষণ দিয়ে । তেনেদৰে গ্রুপ কেপ্তেইন ৰবীন বিষয়ে নিৰ্বাচিত কিছু সংখ্যক কেডেটক বৰঝাৰস্থিত ভাৰতীয় বায়ু সেনাৰ চাউনিত লঘু বিমান চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰে । আনহাতে এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেদিয়াৰ যোগেশ চন্দ্ৰ কলিতায়ো শিবিৰ পৰিদৰ্শন কৰি কেডেট সকলৰ প্ৰশিক্ষণ কাৰ্যৰ বুজ লয় । দুয়োজন উচ্চপদস্থ সেনা বিষয়াই কেডেট সকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি তেওঁলোকৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি উৎসাহিত কৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন