কাতি বিহু উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসী বিশেষকৈ ৰাজ্য খনৰ কৃষক সমাজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।আজি এক বিবৃতি যোগে মুখ্যমন্ত্ৰীয়ে কয় যে কাতি বিহুৰ পৱিত্ৰ চাকিৰ পোহৰে অসুয়া,অশান্তি আঁতৰাই সমাজক আলোকৰ পথেৰে অগ্ৰসৰ হ’বলৈ প্ৰেৰণা যোগায়। কৃষি ভিত্তিক এই উৎসৱ পালনৰ জৰিয়তে অসমৰ শস্য শ্যামলা পথাৰ সমূহ সোণ গুটিৰে উপচি পৰি ৰাজ্য খনৰ কৃষক সমাজক কৰ্মৰ পথাৰত আৰু অধিক উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।মুখ্যমন্ত্ৰীয়ে লগতে এই বিহু পালনৰ জৰিয়তে আমাৰ মাজত থকা শান্তি -সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰি অধিক সুদৃঢ় হ’ব বুলিও আশা প্ৰকাশ কৰে।বৃহত্তৰ অসমীয়া জাতিৰ সাংস্কৃতিক জীৱনধাৰাক উজ্জ্বীৱিত কৰা এই কাতি বিহু উদযাপনৰ জৰিয়তে ৰাজ্য খনক আৰু অধিক বিকাশৰ তথা উত্তৰণৰ যাত্ৰাৰে অগ্ৰসৰ হোৱাৰ বাবে প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram