গুৱাহাটীৰ ভৱদা দেৱী মেমৰিয়েল হোমৰ উদ্যোগত পৰিচালিত কাহিলীপাৰাস্থিত “চেনেহ ” বৃদ্ধাবাসৰ আবাসীলৈ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানে সহায়ৰ হাত আগবঢ়াইছে । ২২ অক্টোবৰৰ বিয়লি ৬০ আসাম গাৰ্লছ এন চি চি বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ , কৰ্ণেল অনিল কুমাৰৰ নেতৃত্বত এটা কেডেটৰ দল চেনেহ বৃদ্ধাবাসত উপস্থিত হৈ আবাসী সকলৰ মাজত খাদ্যকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰী , এটা আলমাৰী প্ৰদান কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত এন চি চিৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্রধান মেজৰ জেনেৰেল ভাস্কৰ কলিতাই ভাগ লৈ এন চি চিৰ কেডেটৰ দলটোক উৎসাহিত কৰাৰ লগতে আবাসত থকা প্ৰায় ২৫ জনী আইতাৰ সৈতেও কুশল বার্তা বিনিময় কৰে আৰু তেওঁলোকক একো একোজন সমাজৰ পথ প্ৰদৰ্শক স্বৰূপ বুলি সদৰি কৰে । অনুষ্ঠানত এন চি চিৰ গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ ব্ৰিগেডিযাৰ যোগেশ কুমাৰ তালুকদাৰে ভাগ লৈ পৰিবেশ – পৰিস্থিতিৰ বাবে বৃদ্ধাবাসত থাকিবলৈ বাধ্য হোৱা আবাসী সকলৰ সুস্বাস্থ্য কামনা কৰে আৰু আগন্তক দিনটো এনেদৰে এন চি চিৰ ফালৰ পৰা সহায়ৰ হাত আগবঢ়াব বুলি ঘোষণা কৰে । অনুষ্ঠানত চেনেহ বৃদ্ধাবাসৰ ন্যাসৰক্ষী ক্ৰমে ডঃ পদ্মপানী মহন্ত , অভিযন্তা পৰেশ দেৱচৌধুৰী , উইং কমাণ্ডাৰ উমাকান্ত মহন্ত আৰু যুতিকা দেৱী উপস্থিত থাকে আৰু আবাসী সকলক সহায়ৰ হাত আগবঢ়োৱা বাবে বাহিনীটোৰ শলাগ লয় ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন