তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ দীঘল সাঁকো ন মতাপুং পুৰণি বিহুখোলা প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে বিশ্ব হলৌ দিৱস-২০২১ । বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰাণী হলৌ বান্দৰ সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মাজত সজাগতা অনাৰ উদ্দেশ্যৰে বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ ৰাইজে আয়োজন কৰা হৈছে বিশ্ব হলৌ দিৱস ২০২১ ৰ ৷ অইল ইণ্ডিয়া লিমিটেডৰ তত্বাৱধানত, বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি, মৰাণ জাতীয় মহিলা পৰিষদ বাৰেকুৰি আঞ্চলিক সমিতি, গ্ৰীণ ভিজন এন-ইৰ উদ্যোগত আৰু তিনিচুকীয়া মহাবিদ্যালয়, দীঘলসাঁকো নৱজ্যোতি যুৱ সংঘ আৰু ন-মতাপুং সুৰুযজ্যোতি যুৱ সংঘৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা বিশ্ব হলৌ দিৱসৰ কাৰ্যসূচী মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং । মহোৎসৱৰ লগত সংগতি ৰাখি পুৱা আয়োজন কৰা বিভিন্ন ধৰণৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে কলা-নৃত্য প্ৰদৰ্শনেৰে মুখৰিত হৈ পৰে সমগ্ৰ বাৰেকুৰি অঞ্চল ।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী