ইজিপ্তত অনুষ্ঠিত বিশ্ব কিকবক্সিং প্রতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ লগতে ৰাজ্য তথা লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লখিমপুৰৰ এগৰাকী সু-সন্তানে।যোৱা ১৮ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিশ্ব কিকবক্সিং প্রতিযোগিতাত লখিমপুৰৰ যতীন দাসে ল’ কিক্ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। কিকবক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি মাষ্টাৰ যুগেশ কুমাৰ চাদ আৰু মূখ্য প্রশিক্ষক মাষ্টাৰ বিজেন্দ্ৰৰ ৰাৱতৰ নেতৃত্বত অংশগ্ৰহণ কৰা ভাৰতীয় দলটিৰ হৈ অসমৰ পৰা অংশগ্ৰহণ কৰা সদৌ অসম কিকবক্সিং ফেডাৰেশ্বনে মার্শাল আর্ট ফিটনেচ্ এণ্ড স্প’ৰ্টছ একাডেমী তথা লখিমপুৰ জিলাৰ কিকবক্সিং সন্থাৰ খেলুৱৈ যতীন দাসে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে।খেলুৱৈ গৰাকীয়ে সুদীৰ্ঘ ১২ বছৰ ধৰি সদৌ অসম কিকবক্সিং ফেডাৰেশ্বনে সাধাৰণ সম্পাদক মাষ্টাৰ আহমেদ আশ্রফ আৰু লখিমপুৰ জিলাৰ সাধাৰণ সম্পাদক হামিদ আশ্ৰফৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। যতীন দাসৰ সাফল্যত দুয়োগৰাকী প্ৰশিক্ষকে অভিনন্দন জনাইছে। বিশ্ব কিক বক্সিঙত দেশলৈ গৌৰৱ কঢ়িয়াই অনা যতীন দাস লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নিবাসী প্রদীপ দাস আৰু তিলমা দাসৰ সন্তান।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন