ইজিপ্তত অনুষ্ঠিত বিশ্ব কিকবক্সিং প্রতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ লগতে ৰাজ্য তথা লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লখিমপুৰৰ এগৰাকী সু-সন্তানে।যোৱা ১৮ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিশ্ব কিকবক্সিং প্রতিযোগিতাত লখিমপুৰৰ যতীন দাসে ল’ কিক্ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। কিকবক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি মাষ্টাৰ যুগেশ কুমাৰ চাদ আৰু মূখ্য প্রশিক্ষক মাষ্টাৰ বিজেন্দ্ৰৰ ৰাৱতৰ নেতৃত্বত অংশগ্ৰহণ কৰা ভাৰতীয় দলটিৰ হৈ অসমৰ পৰা অংশগ্ৰহণ কৰা সদৌ অসম কিকবক্সিং ফেডাৰেশ্বনে মার্শাল আর্ট ফিটনেচ্ এণ্ড স্প’ৰ্টছ একাডেমী তথা লখিমপুৰ জিলাৰ কিকবক্সিং সন্থাৰ খেলুৱৈ যতীন দাসে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে।খেলুৱৈ গৰাকীয়ে সুদীৰ্ঘ ১২ বছৰ ধৰি সদৌ অসম কিকবক্সিং ফেডাৰেশ্বনে সাধাৰণ সম্পাদক মাষ্টাৰ আহমেদ আশ্রফ আৰু লখিমপুৰ জিলাৰ সাধাৰণ সম্পাদক হামিদ আশ্ৰফৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। যতীন দাসৰ সাফল্যত দুয়োগৰাকী প্ৰশিক্ষকে অভিনন্দন জনাইছে। বিশ্ব কিক বক্সিঙত দেশলৈ গৌৰৱ কঢ়িয়াই অনা যতীন দাস লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নিবাসী প্রদীপ দাস আৰু তিলমা দাসৰ সন্তান।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী