মহানগৰীৰ পশ্চিম বৰাগাঁওস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ অধীনৰ স্বতন্ত্ৰীয় অনুষ্ঠান “ইনষ্টিটিউট অৱ এডভান্স ষ্টাডি ইন চায়েন্স এণ্ড টেকন’লজিৰ আজি ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূৰ্খাজীয়ে । অধ্যাপক মূৰ্খাজীয়ে আদৰনি ভাষণত কয় যে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত অনুষ্ঠানটোৰ গৱেষক সকলে গৱেষণাৰ জৰিয়তে বিভিন্ন সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । আনহাতে আজিৰ এই প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে কলিকতাস্থিত “চিষ্টাৰ নিৱেদিতা বিশ্ববিদ্যালয়”ৰ উপাচাৰ্য অধ্যাপক ধ্ৰৱজ্যোতি চট্টাপধ্যায়, সন্মানীয় অতিথি যোৰহাটস্থিত নৰ্থইষ্ট ইনষ্টিটিউট অৱ চায়েন্স এণ্ড টেকন’লজিৰ সঞ্চালক ড°গনপতি নৰহৰি শাস্ত্ৰীৰ লগতে আই এ এছ এছ টিৰ সমূহ বিষয়া-কৰ্মচাৰী, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু নিমন্ত্ৰীত অথিথি সকলে কভিড’১৯ বিধি মানি উপস্নিত থাকে । সভাত আই এ এছ এছ টিৰ ২০২০-২০২১ বৰ্ষত ডক্টৰেট ডিগ্ৰী লাভ কৰা গৱেষক ছাত্ৰ-ছাত্ৰী, আই এ এছ এছ টি কভিড’-১৯ নমুনা পৰীক্ষা কেন্দ্ৰৰ কৰ্মচাৰী আৰু দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগীতাৰ পাৰদৰ্শী সকলোক অনুষ্ঠানটোৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মূৰ্খাজীয়ে বঁটা আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে ।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা