দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষপূৰ্তিৰ লগত সংগতি ৰাখি পালন কৰি অহা “আজাদি কা অ মৃত মহোৎসৱ” উপলক্ষে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ই ১৪ অক্টোবৰত নতুন দিল্লীৰ পৰা দেশজুৰি আৰম্ভ কৰিছিল মটৰ চাইকেল ৰেলী । ৭৫ দিনত ২০,০০০ কিঃমিঃ যাত্ৰা পথ এই অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা ৰেলীত বি আৰ অ’ৰ বিভিন্ন পদমৰ্যাদাৰ ৭৫ জন জন বিষয়া , জুনিয়ৰ কমিচনড বিষয়া , নন কমিচনড বিষয়াই ভাগ লৈছে । ৰেলীত ভাগ লোৱা মটৰ চাইকেল ৰাইডাৰ সকলে ভাগে ভাগে দেশৰ দুৰ্গম স্থান সমূহলৈ যাত্ৰা কৰিছে । এই ৰেলীত ভাগ লোৱা ১৫ জনীয়া এটা দল কালি সন্ধিয়াৰ ভাগত পশ্চিমবঙ্গৰ হাচিমাৰাৰ পৰা প্ৰায় ৩৪০ কিঃমিঃ যাত্ৰা পথ অতিক্ৰম কৰি গুৱাহাটীৰ লংকেশ্বৰত থকা বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ত আহি উপস্থিত হয় । নিশাটো পূব মণ্ডল মুখ্য কাৰ্যালয়ত থকাৰ পাছত দলটোৱে আজি পুৱা তেজপুৰলৈ যাত্ৰা কৰে । পুৱা পতাকা জোকাৰি তেজপুৰ অভিমুখে যোৱা দলটোৰ যাত্ৰাৰ শুভাৰম্ভ কৰে বি আৰ অ’ৰ পূব মণ্ডলৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান ( ডি ডি জি ) শ্যামন্ত ৰায়ে । তেজপুৰৰ পৰা দলটোৱে অৰুণাচল প্ৰদেশৰ ভাৰত – চীন সীমান্ত অভিমুখে যাত্ৰা কৰিব । দলটোত দুজন কমিচনড বিষয়া , এজন জুনিয়ৰ কমিচনড বিষয়া আৰু ১০ জন নন কমিচনড তথা অন্যান্য পদবীৰ কৰ্মচাৰীয়ে ভাগ লৈছে । উল্লেখযোগ্য যে অহা ২৭ ডিচেম্বৰত এই ৭৫ দিনীয়া যাত্ৰাৰ সামৰণি পৰিব বুলি বি আৰ অ’ৰ সূত্ৰত প্ৰকাশ।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ