গুৱাহাটীৰ প্ৰথম এন ডি আৰ এফ বাহিনীলৈ শ্ৰেষ্ঠ দলৰ সন্মান – দ্বিতীয় এন ডি আৰ এফলৈ দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান

0 179

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ উদ্যোগত আজাৰাৰ পৰা কিছু নিলগৰ মিৰ্জাস্থিত জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান ( ডায়েট ) চৌহদত ৮ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ পূব আৰু উত্তৰ পূব মণ্ডল ভিত্তিত অনুষ্ঠিত আন্তঃ এন ডি আৰ এফ বেটেলিয়ান দক্ষতা বৃদ্ধিৰ প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। প্ৰতিযোগিতাত পূব আৰু উত্তৰ পূব মণ্ডলত থকা প্ৰথম , দ্বিতীয় , নৱম আৰু দ্বাদশ বেটেলিয়ানৰ প্ৰায় ১০০ জন বিভিন্ন বৰ্গৰ বিষয়া – জোৱানে ভাগ লৈছিল। আনহাতে প্ৰতিযোগিতাত আজাৰা পাটগাঁওস্থিত প্ৰথম এন ডি আৰ এফ দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে কলকাতাস্থিত দ্বিতীয় এন ডি আৰ এফ দলে দ্বিতীয় শ্রেষ্ঠ দলৰ সন্মান লাভ কৰে । সামৰণিৰ উপলক্ষে অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া । বিধায়ক ঠাকুৰীয়াই বঁটা প্ৰদান কৰাৰ লগতে এনে ধৰণৰ প্ৰতিযোগিতাই বেটেলিয়ান সমূহৰ মাজত পাৰস্পৰিক ভাৱৰ লগতে দুৰ্যোগৰ সময়ত কোনে কি ধৰণৰ পদ্ধতি অৱলম্বন কৰে সেই বিষয়ক জ্ঞান অর্জনতো সহায় কৰিব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত দ্বিতীয় এন ডি আৰ এফৰ কমাণ্ডেণ্ট গুৰ্মিন্দৰ সিং , প্ৰথম এন ডি আৰ এফৰ চেকেণ্ড – ইন – কমাণ্ড পংকজ কেভিদয়াল , ডেপুটি কমাণ্ডেণ্টত্ৰয় অৰূপ কুমাৰ সিং , অনিল চৌহান আৰু ডাঃ তেজ বাহাদুৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে প্ৰতিযোগিতাত ভাগ লোৱা এন ডি আৰ এফ বাহিনী সমূহে ভূমিকম্প , বানপানী , ভূমিস্খলন , ধুমুহাকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ , দুৰ্ঘটনাকে ধৰি যিকোনো মানৱসৃষ্ট দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ , সাহায্য আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কাৰ্যত ব্যৱহৃত সা – সামগ্ৰী সমূহৰ প্ৰদৰ্শন কৰিছিল । ইফালে প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰা বাবে সকলো প্ৰতিযোগীক শুভেচ্ছা জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.