অসম চৰকাৰৰ স্ব অগ্ৰাধিকাৰ পুঁজিৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সম্প্ৰসাৰণ আৰু প্ৰশিক্ষণ শিতানত ২০২০-২০২১ বৰ্ষৰ অধীনত অসম পশু চিকিৎসা পৰিষদৰ উদ্যোগত তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত এলানি প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে।যোৱা চাৰি অক্টোবৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী অধীনত প্ৰথম পৰ্যায়ত ইতিমধ্যে ২০ গৰাকী কাৰ্যালয় সহায়ক আৰু ৰাজ্যৰ বিভিন্ন জিলাত কৰ্মৰত ৬০ গৰাকী পশু চিকিৎসকৰ প্ৰশিক্ষণ সমাপ্ত কৰা হৈছে।দ্বিতীয় পৰ্যায়ত ১১ নৱেম্বৰ তাৰিখে ২০ জনীয়া পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ প্ৰথমটো দলৰ প্ৰশিক্ষণ শুভাৰম্ভ কৰে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই।ভাষণ প্ৰসংগত অধ্যক্ষ গৰাকীয়ে কয় যে পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সকল প্ৰথম চিনাকি আৰু প্ৰাথমিক কৰ্মী।তেওঁলোকে পশুপালক লগত সম্পৰ্ক অটুট ৰাখিলেহে বিভাগৰ প্ৰতি পালক সকল আগ্ৰহী হ’ব।অসম পশু চিকিৎসা পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি ডাঃ দণ্ডেশ্বৰ ডেকাই আঁত ধৰা এই অনুষ্ঠানত বিভাগৰ অতিৰিক্ত সঞ্চালক ডাঃ দিলীপ ভূঞা,পৰিষদৰ পঞ্জীয়ক ডাঃ বিশ্বজিৎ বৰল, পৰিকল্পনা বিষয়া ডাঃ ৰেজাউল কৰিমকে ধৰি কেইবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰে।তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন জিলাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।অহা ১৬ নৱেম্বৰ পৰা পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ দ্বিতীয়টো দলৰ প্ৰশিক্ষণ আৰম্ভ হ’ব।পৰৱৰ্তী পৰ্যায়ত পুনৰ কাৰ্যালয় সহায়ক আৰু পশু চিকিৎসকৰ প্ৰশিক্ষণৰ দিহা কৰা হ’ব।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা