অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অলপতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা চমুকৈ পি. এম.জি.এছ.ৱাই আঁচনিৰ অধীনত পূৰ্বতে নিৰ্মাণ কৰা চাৰিটা পথত চাফাই অভিযান চলোৱাৰ লগতে পথ মেৰামতি কৰা কার্য সম্পন্ন কৰা হয়। সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাৰ নেতৃত্বত চাফাই অভিযান আৰু মেৰামতি কৰা কাৰ্য সম্পূৰ্ণ কৰা পথ চাৰিটা হল ক্ৰমে তেঁতেলিগুৰী এন. চি.পথ, গন্ধিনগৰ কলংপাৰ পথ, লুমসুম গাঁও পথ আৰু খাট তেঁতেলিযাৰ পৰা খাট তেঁতেলিয়া এন চি সংযোগী পথ। চাফাই অভিযান আৰু মেৰামতি কাৰ্যত সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰূপজ্যোতি নাথ, কনিষ্ঠ অভিযন্তা প্ৰবীণ তালুকদাৰকে ধৰি বিভাগীয় কৰ্মচাৰী সকলে পথ চাৰিটাৰ গাঁত সমূহ পৰিপূৰ্ণ কৰা, দাঁতি পৰিস্কাৰ কৰা কার্য নিয়াৰিকৈ সম্পন্ন কৰে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ