কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে পল্লব গোপাল ঝাই গুৱাহাটী মহানগৰীত যাত্ৰীৰ পৰা নিৰ্ধাৰিত পৰিমাণতকৈ অধিক বা বৰ্দ্ধিত ভাড়া আদায় লোৱা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । আনকি নৱনিযুক্ত উপায়ুক্ত পল্লব গোপাল ঝাই নিজে আগভাগ লৈ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) কাৰ্যালয়ৰ প্ৰৱৰ্তক পৰিদৰ্শকসহ দায়িত্ববাহী সকলৰ সৈতে বৰ্দ্ধিত ভাড়া আদায় কৰা বাহনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ লগতে প্ৰৱৰ্তক পৰিদৰ্শক সকলক তেনে বাহনৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছে । উপায়ুক্তৰ নিৰ্দেশত আনদিনাৰ দৰে আজিও জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে ছয়মাইল আৰু চানমাৰীত এক আকস্মিক অভিযান চলায় । অভিযান কালত যাত্ৰীৰ পৰা বৰ্দ্ধিত ভাড়া আদায় লোৱা ২৪ খন চিটিবাছ , মেজিক আৰু ই – ৰিক্সা জব্দ কৰা হয় । তেনেদৰে এই সন্দৰ্ভত ৩৫ টা গোচৰ ৰজু কৰা হয় । জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবৰ দিয়া মতে মটৰ পৰিবহণ আইন ভংগ কৰি যাত্ৰীৰ পৰা নিৰ্ধাৰিত ভাড়াতকৈ অধিক বা বৰ্দ্ধিত ভাড়া আদায় কৰা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে এই অভিযান চলি থাকিব।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন