সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ঐতিহাসিক কৃষক বিদ্ৰোহৰ এবছৰ পূৰ্তি উপলক্ষে আজি বঙৰাৰ পাছনীয়াপাৰাত এক বিশাল কৃষক সভা অনুষ্ঠিত হয় । সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কৃষকসকলে হাতে হাতে প্লে’কাৰ্ড লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰক, ভূমিহীনক ভূমিৰ অধিকাৰ প্ৰদান কৰক, ১২ ঘণ্টীয়া শ্ৰমিক আইন বাতিল কৰক, কৃষিভূমি কোম্পানীক গতোৱা নীতি বন্ধ কৰক আদি শ্লো’গানেৰ আকাশ-বতাহ মুখৰিত কৰি তোলে। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলণ, কৃষক শ্বহীদ স্মৰণ, সাংগঠনিক সভাৰ অন্তত স্থানীয় শিশু শিল্পী সকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীতেৰে মুকলি সভাৰ উদ্ধোধন কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগ্ৰামী কৃষক সংঘৰ নেতা জেহেৰুল ইছলামে । সভাত সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক দীনেশ দাসে ভাষণ প্ৰসঙ্গত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন তিনিখন বাতিলৰ কথা ঘোষণা কৰে যদিও আজিলৈ কাৰ্যকৰী কৰা নাই । গতিকে আইন তিনিখন বাতিল কাৰ্যকৰী নকৰালৈকে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০০ৰো অধিক কৃষক সংগঠনে ঐক্যবদ্ধহৈ দিল্লীত আন্দোলন অব্যাহত ৰাখিছে । আজি এই ঐতিহাসিক বৰ্ষ পূৰ্তি উপলক্ষে অনুষ্ঠিত কৃষক সভাতে কামৰূপ জিলা সমিতিৰ সংগ্ৰামী কৃষক-শ্ৰমিক সংঘই কৃষি আইন বাতিল কাৰ্যকৰী নকৰালৈকে কৃষক সংগ্ৰাম অব্যাহত থাকিব বুলি সংকল্পবদ্ধ হয় । আজিৰ সভাত সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি দেৱজিৎ চৌধুৰী আৰু সাধাৰণ সম্পাদক দীনেশ দাসৰ লগতে নিখিল ভাৰত কৃষক পৰিষদৰ সাধাৰণ সম্পাদক জয়ন্ত গগৈ,সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ যুৱ নেত্ৰী বিদিশা বৰ্মন, বিশিষ্ঠ সাহিত্যিক ময়না গোস্বামী,কৃষক শ্ৰমিক সংঘৰ নেতা প্ৰণৱ দলৈ, স্থানীয় কৃষক আজাদ আলী, স্থানীয় নেত্ৰী মৰ্জিনা বেগম আৰু কামৰূপ জিলাৰ কৃষক শ্ৰমিক সংঘৰ সক্ৰিয় সদস্য নিজামুদ্দিন আহমেদ উপস্থিত থাকি অঞ্চলটোৰ খাটিখোৱা শ্ৰমিকৰ উপৰিও গৰাখহনীৰ সমস্যাৰ ওপৰত ভাষণ প্ৰদান কৰে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon