চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ অনুষ্ঠিত কৰা হৈছে।মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থা আৰু অসম কলেজ শিক্ষক সংস্থাৰ যোৰহাট মণ্ডলৰ সহযোগত আয়োজিত India after Independence and Vision 2047 শীৰ্ষক আলোচনা চক্ৰখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ড° লীলাকান্ত নাথ, ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° দীপক শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট অধ্যাপক উপস্থিত থাকে।মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনিৰ সভাপতিত্বত আয়োজিত এই সভাত মুখ্য অতিথিৰূপে কলেজ অৱ এডভাঞ্চ ষ্টাডিজ, গুৰু গোৱিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়, নতুন দিল্লীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সঞ্চালক ড° প্ৰকাশ বীৰ খাত্ৰিয়ই অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে উক্ত বিষয়ত গৱেষণা পত্ৰ পাঠৰ এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰে উদ্যোক্তাসকলে আৰু এই প্ৰতিযোগিতাত বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ,স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী আৰু গৱেষকে অংশগ্ৰহণ কৰে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি