চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টীয়কত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ অনুষ্ঠিত কৰা হৈছে।মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থা আৰু অসম কলেজ শিক্ষক সংস্থাৰ যোৰহাট মণ্ডলৰ সহযোগত আয়োজিত India after Independence and Vision 2047 শীৰ্ষক আলোচনা চক্ৰখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ড° লীলাকান্ত নাথ, ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° দীপক শৰ্মাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট অধ্যাপক উপস্থিত থাকে।মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিজয় কৃষ্ণ পাচনিৰ সভাপতিত্বত আয়োজিত এই সভাত মুখ্য অতিথিৰূপে কলেজ অৱ এডভাঞ্চ ষ্টাডিজ, গুৰু গোৱিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়, নতুন দিল্লীৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সঞ্চালক ড° প্ৰকাশ বীৰ খাত্ৰিয়ই অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে উক্ত বিষয়ত গৱেষণা পত্ৰ পাঠৰ এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰে উদ্যোক্তাসকলে আৰু এই প্ৰতিযোগিতাত বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ,স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী আৰু গৱেষকে অংশগ্ৰহণ কৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন