গোলাঘাট জিলাৰ বনগাঁও কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনৰ মিছিমিআটি গাঁৱৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্মাৰছ প্ৰডিউচাৰছ কোম্পানীক আজি জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ কৰে । এই উপলক্ষে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদতে আয়োজিত এটা অনুষ্ঠানত শৰ্মাই কয় যে কৃষকৰ উপাৰ্জন দুগুনলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কৃষি খণ্ডত আধুনিক আহিলা-পাতি আৰু সা-সামগ্ৰী ব্যৱহাৰৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে ।অনুষ্ঠানত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া (এগ্ৰ’) তথা এপাৰ্টৰ জিলা ন’ডেল বিষয়া ৰঞ্জন বৰুৱাই কয় যে আধুনিক যন্ত্ৰ-পাতিৰ অধিক ব্যৱহাৰৰ দ্বাৰা কৃষি খণ্ডলৈ ৰূপান্তৰ অনাৰ লগতে কৃষকৰ উপাৰ্জন দুগুণ কৰাটোৱেই ৰাজ্য চৰকাৰ তথা এপার্ট প্ৰকল্পসমূহৰ লক্ষ্য । আজিৰ অনুষ্ঠানত এপাৰ্টৰ অধীনত কঠিয়া ৰোৱা আৰু ধান কটা যন্ত্ৰ বিতৰণ কৰা হয় ।অনুষ্ঠানত মহকুমা কৃষি বিষয়া, গোলাঘাট (সদৰ) কৃষ্ণ ৰঞ্জন শইকীয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া জয়া গোস্বামী, এপার্টৰ জিলা পৰিৱেশ সমন্বয়ক ডঃ বনশ্ৰী শৰ্মা, এপাৰ্টৰ বিষয়া অনুপম গগৈ আৰু আত্মা-এপাৰ্ট আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল।
Trending
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ