দক্ষিণ কামৰূপৰ সাহিত্য কলা আৰু সংস্কৃতিৰ পথাৰখনত একনিষ্ঠভাৱে সেৱা আগবঢ়াই অহা একাংশ আশাসুধীয়া লোকৰ সৎ প্ৰচেষ্টাত ২০১৪ চনতেই গঠন হোৱা দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ৫ ডিচেম্বৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙামাটিস্থিত ঐতিহাসিক দুধকুৱৰী পীঠ প্ৰাংগণত অনুষ্ঠিত হয়। আদৰণি সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথ আৰু সম্পাদক কুশল মালাকৰৰ পৰিচালনাত পুৱা পতাকা উত্তোলন, বৃক্ষ ৰোপণ আৰু চিত্ৰংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তাৰ পিছতেই অনুষ্ঠিত হোৱা বিষয় বাচনি সভাত ড০ গণেশ্বৰ চহৰীয়াক সভাপতি, কুশল মালাকৰক কাৰ্যকৰী সভাপতি, ৰোহিনী কুমাৰক সম্পাদক আৰু নিৰুপমা মজুমদাৰ- কিশোৰ কুমাৰ কলিতাক যুটীয়া সাহিত্য সম্পাদক হিচাপে লৈ দুবছৰ বাবে এখনি পূৰ্ণাংগ নতুন সমিতি গঠন কৰা হয়। দুপৰীয়া সভাপতি ড০ গণেশ্বৰ চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত কামৰূপীয়া লোক কৃষ্টিৰ গুৰু সুকুমাৰ মেধি, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া ধ্ৰৱজ্যোতি পাঠক, গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত পল্লৱ নাথ আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত সভাতেই কিশোৰ কুমাৰ কলিতা আৰু কৃষ্ণ কান্ত দাসৰ যুটীয়া সম্পাদনাত মঞ্চৰ মুখপত্ৰ ‘আলোকযাত্ৰা’ৰ তৃতীয় সংখ্যাটি ৰাজহ চক্ৰ বিষয়া ধ্ৰৱজ্যোতি পাঠকে উন্মোচন কৰে। ভাৰত চৰকাৰে প্ৰদান কৰা কামৰূপীয়া লোক কৃষ্টিৰ গুৰু উপাধিৰে বিভূষিত সুকুমাৰ মেধিয়ে নিজৰ ভাষণত দক্ষিণ কামৰূপ অঞ্চল লোক কৃষ্টি – সংস্কৃতি অথবা সাহিত্যৰ ক্ষেত্ৰত আইৰে পৰাই যথেষ্ট চহকী যদিও সাম্প্ৰতিক সময়ত চৰ্চাৰ অভাৱেদেখা দিয়াৰ ফলত বহু ঐতিহ্য নোহোৱা হবলৈ ধৰা বুলি মন্তব্য কৰে। আনহাতে, দক্ষিণ কামৰূপৰ বিভিন্ন ক্ষেত্ৰত জীৱন জোৰা সাধনাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি অহা তিনি গৰাকী বিশিষ্ট ব্যক্তি বকোৰ ব্ৰজেন দাস, ছয়গাৱৰ কমিছন ৰাভা আৰু পলাশৱাৰীৰ ৰামেশ্বৰ দাসক এই অধিৱেশনৰ মুকলি সভাতেই ‘সাধনাশ্ৰী’ বটা প্ৰদান কৰে। এই বটাত প্ৰসস্তি পত্ৰৰ লগতে নগধ ধন আছে। আনহাতে, পুৱাৰ ভাগত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক পুৰষ্কাৰ প্ৰদান কৰা হয়।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী