ৰাজ্যৰ লগতে ক্ৰীড়াপ্ৰেমীলৈ পুনৰবাৰ সুখৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ কেইবাগৰাকীও প্ৰতিভাসম্পন্ন যুৱ খেলুৱৈৰ। ইটোৰ-পিছত সিটো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সঘনাই অসমৰ খেলুৱৈৰ সফলতাত ৰাজ্যবাসী উৎফুল্লিত হোৱা দেখা গৈছে। বিশ্ব থাইবক্সিং ফেডেৰশ্বনৰ অধীনত তেলেংগনা থাইবক্সিং এছোচিয়েশ্বনৰ উদ্যোগত এই প্ৰতিযোগিতাখনি হায়দৰাবাদৰ চুৰুৰনগৰ ইনড’ৰ ষ্টেডিয়ামত যোৱা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ সদ্য অনুষ্ঠিত এই এছিয়ান থাইবক্সিং চেম্পিয়নশ্বিপত অসমে মুঠ ৬ টা সোণ, ৪ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৪ টা পদক আজুৰি আনিবলৈ সক্ষম হৈছে। কামৰূপ (গ্ৰাম্য), তিনিচুকীয়া, ধেকীয়াজুলি, ওদালগুৰী আৰু শোণিতপুৰ জিলাৰ পৰা এই সাফল্য বুটুলিবলৈ সক্ষম হৈছে। ৰূপালী বড়ো, মঞ্জু ৰাভা, লোহিত ৰাভা, মানসপ্ৰতিম শইকীয়া, ভৱেশ নেৱৰ, সুমন ৰোওটিয়াই সোণৰ পদক, মিলন বড়ো, মেনিমা বড়ো , ধ্ৰুৱ কুৰ্মী, গুণজুন য়াদৱ য়ে ৰূপৰ পদক আৰু লকচিতা দাস, ৰিতু ভূঞা, গনেশ বড়ো আৰু ৰিজুৰাজ পাত্ৰই ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ইয়াৰে ভিতৰত গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী বৃহত্তৰ ৰাণীৰ সোণৰ পদক পোৱা অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ৰূপালী বড়ো মঞ্জু ৰাভা, লোহিত ৰাভা আনফালে ৰূপৰ পদক লাভ কৰা মিলন বড়ো, মিনিমা ৰাভাই আৰ্থীক দন্যতা নেওচি অঞ্চলটোৰ অগ্ৰনি ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ “ৰাণী কোচিং চেণ্টাৰত” দীৰ্ঘদিনে কঠোৰ অনুশীলন কৰি আহিছিল।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan