ৰাজ্যৰ লগতে ক্ৰীড়াপ্ৰেমীলৈ পুনৰবাৰ সুখৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমৰ কেইবাগৰাকীও প্ৰতিভাসম্পন্ন যুৱ খেলুৱৈৰ। ইটোৰ-পিছত সিটো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সঘনাই অসমৰ খেলুৱৈৰ সফলতাত ৰাজ্যবাসী উৎফুল্লিত হোৱা দেখা গৈছে। বিশ্ব থাইবক্সিং ফেডেৰশ্বনৰ অধীনত তেলেংগনা থাইবক্সিং এছোচিয়েশ্বনৰ উদ্যোগত এই প্ৰতিযোগিতাখনি হায়দৰাবাদৰ চুৰুৰনগৰ ইনড’ৰ ষ্টেডিয়ামত যোৱা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ সদ্য অনুষ্ঠিত এই এছিয়ান থাইবক্সিং চেম্পিয়নশ্বিপত অসমে মুঠ ৬ টা সোণ, ৪ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৪ টা পদক আজুৰি আনিবলৈ সক্ষম হৈছে। কামৰূপ (গ্ৰাম্য), তিনিচুকীয়া, ধেকীয়াজুলি, ওদালগুৰী আৰু শোণিতপুৰ জিলাৰ পৰা এই সাফল্য বুটুলিবলৈ সক্ষম হৈছে। ৰূপালী বড়ো, মঞ্জু ৰাভা, লোহিত ৰাভা, মানসপ্ৰতিম শইকীয়া, ভৱেশ নেৱৰ, সুমন ৰোওটিয়াই সোণৰ পদক, মিলন বড়ো, মেনিমা বড়ো , ধ্ৰুৱ কুৰ্মী, গুণজুন য়াদৱ য়ে ৰূপৰ পদক আৰু লকচিতা দাস, ৰিতু ভূঞা, গনেশ বড়ো আৰু ৰিজুৰাজ পাত্ৰই ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ইয়াৰে ভিতৰত গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী বৃহত্তৰ ৰাণীৰ সোণৰ পদক পোৱা অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ৰূপালী বড়ো মঞ্জু ৰাভা, লোহিত ৰাভা আনফালে ৰূপৰ পদক লাভ কৰা মিলন বড়ো, মিনিমা ৰাভাই আৰ্থীক দন্যতা নেওচি অঞ্চলটোৰ অগ্ৰনি ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ “ৰাণী কোচিং চেণ্টাৰত” দীৰ্ঘদিনে কঠোৰ অনুশীলন কৰি আহিছিল।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা