দেশৰ অগ্ৰণী দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান মেটেল বাইকচ বাজাজে গুৱাহাটীৰ আদাবাৰীত দীনেশ গোস্বামী পথৰ দাঁতিত ( জালুকবাৰী জামে মছজিদৰ বিপৰীত দিশত ) কালি এখন বিপনি মুকলি কৰে । বিপনিখন মুকলি কৰে বাজাজ অটোৰ ( পূব ) উপ সভাপতি কৰণ সিনহাই । এই উপলক্ষে বাজাজ অটোৰ জনসম্পৰ্কৰক্ষী মনোজ গুলোছাই আঁত ধৰা চমু অনুষ্ঠানত কৰণ সিনহাই ভাষণত দেশৰ উঠি অহা নতুন প্ৰজন্মৰ বাবে উপযোগীকৈ বাইক নিৰ্মাণ কৰা হৈছে বুলি ব্যক্ত কৰি দুটা বিশেষ আকৰ্ষণীয় ৰঙত উপলব্ধ হব বুলি সদৰি কৰে । অনুষ্ঠানত বাজাজ অটোৰ ক্ষেত্ৰীয় প্ৰবন্ধক কনিষ্ক বেনাৰ্জী , মেটেল বাইকচ বাজাজৰ প্ৰিন্সিপাল ডীলাৰ তথা স্বত্বাধিকাৰী ৰাজেন্দ্ৰ ৰাজপালকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । উল্লেখযোগ্য যে এই নতুন পালচাৰ – এফ ২৫০ আৰু পালচাৰ এন ২৫০ ৰ ন্যূনতম মূল্য ১,৪১,৪৫৯ টকা আৰু ১,৪৩,৪৬২ টকাৰ পৰা আৰম্ভ হব ।
Trending
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ প্লেটিনাম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি লাভ
- Northeast united FC aim to finish season with hat trick of wins