কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰিক্সা চালক, ঠেলা চালক, গুৱাহাটীৰ ফুট পাথৰ কাষৰ অস্থায়ী দোকানী, মৎস বিক্ৰেতা, আশা কৰ্মী, অংগনবাড়ী কৰ্মী গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী আদিক সামৰি ১৬ বছৰৰ পৰা ৫৯ বছৰৰ ব্যক্তিসকলৰ ই-শ্ৰমত পৰ্টেলত পঞ্জীয়ন অধিক ক্ষিপ্ৰতাৰে কৰিবলৈ জিলা শ্ৰম বিভাগক নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলাত বৰ্তমান পৰ্যন্ত ই-শ্ৰম পৰ্টেলত ৯৭,৩৭৮ জন ব্যক্তিয়ে পঞ্জীয়ন কৰিছে। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দৰথি সুচিয়াংগ, সহকাৰী শ্ৰম আয়ুক্ত কে দাসকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-বৰ্গ উপস্থিত থকা এই সভাত উপায়ুক্তগৰাকীয়ে ই-শ্ৰম পৰ্টেলৰ বিষয়ে জনসাধাৰণৰ মাজত অধিক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়ে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন