অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৯ ডিচেম্বৰ পৰা ৯ জানুৱাৰী লৈকে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া অসম গ্ৰন্থমেলা লাইখুঁটা স্থাপন সম্পন্ন কৰা হয়। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা এক মাংগলিক অনুষ্ঠানত লাইখুঁটা স্থাপন কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু বিশিষ্ট সাহিত্যিক সাংবাদিক সমালোচক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহাই অসম গ্ৰন্থমেলাই অসমৰ গ্ৰন্থ সাংস্কৃতিক বাবে বহু নতুন দিশ উন্মোচন কৰিব বুলি উল্লেখ কৰে।ভাষণ প্ৰসংগত চলিহাই অসম গ্ৰন্থমেলা সফল সমাপন বাবে সকলো পক্ষৰে সহযোগিতা কামনা কৰে।অনুষ্ঠানৰ আৰম্ভণিতে অসম প্ৰকাশন পৰিষদ সচিব প্ৰমোদ কলিতাই অসম গ্ৰন্থমেলা আয়োজন সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়াই।প্ৰমোদ দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক সাংবাদিক সমালোচক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় যে এই গ্ৰন্থমেলাই অসমৰ গ্ৰন্থ প্ৰকাশক বিক্রেতা তথা লেখক সকললৈ এক নতুন উদ্যম কঢ়িয়াই আনিব।অনুষ্ঠানত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি ইমৰান আহমদ ,সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, প্ৰকাশন পৰিষদৰ সদস্য ড° প্ৰশান্ত চক্ৰৱৰ্তীকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী