দক্ষিণ কামৰূপৰ আমৰাঙা বৰিহাট অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান নবোদয় আদৰ্শ বিদ্যামন্দিৰ, বৰিহাটৰ উদ্যোগত ৩১ ডিচেম্বৰৰ দিনা বিদ্যালয় প্ৰাঙ্গনত শীতকালীন এদিনীয়া মৃৎশিল্প কৰ্মশালা এখনি সুকলমে অনুষ্ঠিত হৈ যায়। তৃতীয় শ্ৰেণীৰ পৰা আগ্ৰহী প্ৰায় শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাত বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰে। শিল্পী পৱন মহন্তৰ নেতৃত্বত চিমি কুমাৰী দাস আৰু বিনা কুমাৰীয়ে কৰ্মশালাখন পৰিচালনা কৰে। উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ উজ্বল ভৱিষ্যত কামনা কৰি পৰৱৰ্তী পৰ্যায়ত ১৫ দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিবলৈ ইচ্ছা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। নবোদয় আদৰ্শ বিদ্যামন্দিৰ পৰিচালনা সমিতিৰ সচিব কল্প কলিতাই কৰ্মশালাখন উদ্ধোধন কৰি কয় যে মাটিও আমাৰ এটা শিল্প আৰু মাটিৰ দ্বাৰাও যে বিভিন্ন সৃজনীমুলক কাম কৰাৰ লগতে ইয়াত বাণিজিক আৰু অৰ্থনৈতিক মূল্য আছে। কণ কণ শিক্ষাৰ্থীসকলক মাটিৰ সৈতে চিনাকী কৰি দি ইয়াৰ গূঢ়াৰ্থ বুজাব লাগিব বুলিও কয়। আজিৰ অনুষ্ঠানত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা লক্ষী কাকতি দাসৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপৰিও আমৰাঙ্গা গাও পঞ্চায়তৰ আঞ্চলিক সদস্যা নবনীতা চৌধুৰী কলিতা, বেচৰকাৰী সংস্থা জনসাৰথিৰ সম্পাদক মিতুমনি দাস, প্ৰচাৰ সম্পাদক মণ্টু কলিতাকে ধৰি ভালেকেইজন ব্যক্তি উপস্থিত থাকে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon