গুৱাহাটী-চান্দমাৰীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা বাকৰিত কালি সন্ধিয়া বিশিষ্টা কবি-লেখিকা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ মৰমী বৰঠাকুৰ তালুকদাৰৰ প্ৰবন্ধ সংকলন “ভাৱ উৎসৱ আৰু অন্য গদ্য” উন্মোচন কৰে বয়োজ্যেষ্ঠ লেখিকা অলকানন্দ দত্তই। অনাতাঁৰ শিল্পী শিখামণি দত্তৰ গীতেৰে আৰম্ভ কৰা সভাত ভাষণ দি বহুভাষিক সাহিত্য মঞ্চ, অসম প্ৰধান সম্পাদক, সাংবাদিক, লেখক দীপক শৰ্মাই কয়- অসমত গ্ৰন্থ প্ৰকাশৰ অনুপাতে পাঠকৰ সংখ্যা কমিছে। আজি ৰাতিৰ ভিতৰতে চমক সৃষ্টিকাৰী লেখক লেখিকাৰ সংখ্যা বাঢ়িছে। কোনোজনে আজীৱন সাহিত্য সাধনা কৰিও একোকে স্বীকৃতি নাপায়। কোনোবাই ২-১ গ্ৰন্থ লিখিও নিশাৰ ভিতৰত জনপ্রিয় হৈ উঠে। আজিকালি কোনো কোনো লেখকে মাথো ২০ কপিকৈ কিতাপ চপাই ন-ন পুৰস্কাৰ পায়। জনপ্রিয়তাকৈ সফলতা অৰ্জন কৰা টান। মানুহৰ মনত সাঁচ বহুৱাই সাহিত্য সৃষ্টি কৰিব লাগে। সভাত অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন বিভাগৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰে বক্তব্য দাঙি ধৰি মনোগ্রাহী সাহিত্য সৃষ্টিৰ বাবে লেখক-লেখিকা সকলে অধ্যয়ন কৰাৰ লগতে ভ্ৰমণ কৰিব লাগে বুলি কয়। বিশিষ্ট লেখক অশ্বিনী বেজবৰুৱাই সঞ্চালনা কৰা সভাত আন্তর্জাতিক খ্যাতিসম্পন্ন বাঁহী বাদক দীপক শৰ্মা, গল্পকাৰ বকুলী বৈশ্য, শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাস, ৰুমী তালুকদাৰ, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, ৰূপা ডেকা পাটৰে বক্তব্য দাঙি ধৰি মৰমী বৰঠাকুৰ তালুকদাৰৰ সৃষ্টিৰাজিৰ ওপৰত আলোচনা দাঙি ধৰে। অনুষ্ঠানত মনমিত মহন্তই গীত পৰিৱেশন, ৰাজ কমল কলিতা আৰু নৱ ডেকাই কবিতা আবৃত্তি কৰা সভাত লেখিকা গৰাকীৰ কণমানি নাতি অভিজ্ঞান তালুকদাৰ, অৰণ্য তালুকদাৰে আইতা মৰমী বৰঠাকুৰ তালুকদাৰৰ গ্ৰন্থৰ লগতে অন্য সাধুগ্ৰন্থ পঢ়াৰ কথা ব্যক্ত কৰে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী