বালিপৰাত দালাই লামাক চীনা সীমান্তৰপৰা সুৰক্ষিতভাৱে ভাৰতলৈ উদ্ধাৰ কৰি অনা প্ৰাক্তন সেনা জোৱান , খেলুৱৈ সদ্যপ্ৰয়াত নৰেন চন্দ্ৰ দাসৰ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি উদমাৰীগাঁৱত নৰেন চন্দ্ৰ দাসৰ বাসগৃহত ৰঙাপৰা সমষ্টিৰ বিধায়কৰ তত্বাৱধানত আৰু দাসৰ পৰিয়ালবৰ্গৰ সহযোগত অনুষ্ঠিত হয় । শ্বহীদ পৰিয়ালৰ লক্ষীৰামৰ দাসৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয় । সভাত ৰঙাপৰা বিধায়ক কৃষ্ণ কমল তাঁতীয়ে উন্মোচন কৰে প্ৰয়াত দাসৰ জীৱনপঞ্জীসম্বলিত এখন স্মৰণিকা । অনুষ্ঠানত ভালেমান দল-সংগঠন বিষয়ববীয়া, ৰাইজ, পৰিয়ালৰ লোক উপস্থিত থাকি দাসক শ্ৰদ্ধাঞ্জলি জনায়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan