কৃষক শ্বহীদ স্মৃতি ৰক্ষা সমিতিয়ে আয়োজন কৰিলে ভোগালীৰ প্ৰীতি ভোজ

0 148

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা-প্ৰীতিৰ ভাৱ অটুট ৰাখিছে। ঐক্যভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্যে তথা বীৰ শ্বহীদ কৃষক সকলক স্মৰণ কৰি পৰম্পৰাগত ভাৱে আজি মাঘৰ প্ৰথম দিনাই ৰঙিয়াৰ কৃষক শ্বহীদ ভৱন প্ৰাংগণত কৃষক শ্বহীদ স্মৃতি ৰক্ষা সমিতিয়ে ভোগালী প্ৰীতি ভোজনৰ আয়োজন কৰে। সম্পূৰ্ণ ক`ভিড বিধি পালন কৰি এই কাৰ্যসূচীৰ পালন কৰা হয়। এই উপলক্ষে সমিতিৰ সম্পাদক পবিন কলিতাই সকলকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে তথা সকলৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনা কৰে। কার্যসূচীৰ আৰম্ভণিতে সমিতিৰ তৰফৰ পৰা মুক্তিযুঁজাৰু কৃষ্ণ লহকৰ দেৱক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। শ্ৰদ্ধাৰ বয়োজেষ্ঠ ব্যক্তিসকলক চিৰা, দৈ, কল, নাৰিকলৰ লাডু, তিল পিঠা, চুঙাপিঠা আদিৰে আপ্যায়ন কৰা হয়।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই..

Leave A Reply

Your email address will not be published.