আজি মাজুলীত মনোনয়ন দিলে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী। মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে লুৰিণজ্যোতি গগৈ, ভূপেন বৰা, ভাস্কো ডি শইকীয়াই।মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে বসুমতাৰীয়ে।কালিৰ দিনটোত মনোনয়ন দিছিল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে।অহা ৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ১০ মাৰ্চত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল।মনোনয়ন দাখিলৰ সময়ত চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, মই বলিৰ পঠা নহয়, মই এজন যুঁজাৰুহে। সেই কাৰণে মোক প্ৰাৰ্থিত্ব দিছে। মাজুলীত উপ-নিৰ্বাচনত তীব্ৰ প্ৰতিদন্দিতা হোৱাৰ কথা ক’লে চিত্তৰঞ্জন বসুমতাৰীয়ে।মনোনয়ন পত্ৰ দাখিল কৰি বিজেপি প্ৰাৰ্থী ভুৱন গামক আক্ৰমণ চিত্তৰঞ্জন বসুমতাৰীৰ।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি