বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি ‘এল জি বিআই স্পৰ্টছ’ৰ উদ্যোগত ১০ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ দুৰত্বৰ এখন মাৰাথন দৌৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত বিমানকোঠৰ বিভিন্ন বিভাগত কৰ্মৰত প্ৰায় সংখ্যক কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। GIAL, AAI, Airlines, Ground Handlers, BCAS, CISF, NDRF, AIR FORCE, INDIAN ARMY SIGNAL RAGIMENT কে আদি কৰি পুৱা ৬.৩০ বজাত ‘ফ্লেগ অফ’ কাৰ্যসূচীৰে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়। প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই। ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় কাৰ্যবাহী নিৰ্দেশক ৰবি কান্ত, buro of civil aviation asecurity ৰ regional director সমানন্দ সিং, চি.আই.এচ.এফৰ কমাণ্ডেন্ট লালমোহন ঠাকুৰকে ধৰি বিমানকোঠৰ জেষ্ঠ বিষয়াসকল উপস্থিত থাকে। দৌৰ প্ৰতিযোগিতাৰ ‘ফ্লেগ অফ’ কৰে ৰবি কান্ত আৰু উৎপল বৰুৱাই। এই উপলক্ষে চমু ভাষণ প্ৰসংগত মুখ্য বিষয়া বৰুৱাই মাৰাথনৰ প্ৰতিযোগি সকলক প্ৰেৰণা মূলক বক্তব্য প্ৰদান কৰে।বিমানকোঠৰ উত্তৰণত সকলোৰে আন্তৰিক সহযোগীতা একান্তই প্ৰয়োজন আৰু সকলোৰে সেৱা, প্ৰতক্ষ্য বা পৰোক্ষভাৱে বিমানকোঠৰ সফলতালৈ অৰিহনা যোগায়। উপস্থিত প্ৰতিযোগি আৰু সমবেত ৰাইজক উদ্দেশ্যি তেখেতে বিমানকোঠৰ বিকাশ যাত্ৰাত সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰে। প্ৰতিযোগিসকলক একোটাকৈ ‘টি ছাৰ্ট, জলপান আৰু পৰ্যাপ্ত পৰিমানৰ পানীৰ যোগান ধৰা হয়। এই প্ৰতিযোগিতাত ৫০০ তকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ সমূহ ক্ৰমে নগদ ১৫০০০, ১০০০০ আৰু ৫০০০ টকাৰ লগতে ফলক আৰু প্ৰমানপত্ৰ প্ৰদান কৰা হয়। সদৌশেষত বঁটা বিতৰণী অনুষ্ঠানত স্পৰ্টছ কমিটিৰ সদস্যসমূহ ক্ৰমে বনজিত ওজা, ৰঞ্জন সোনোৱাল, মনজয় ৰাভা, সঞ্জীৱ কাকতি, সুশিলাল চৌধুৰী প্ৰমূখ্যে স্পৰ্টছ সমিতিৰ সকলোৰে শলাগ লৈ অনুষ্ঠানৰ সফল সমাপ্তি হয়।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি