মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশনা অনুসৰি পৰিবহণ বিভাগে চলিত বৰ্ষৰ প্ৰথম দিনটোৰ পৰা পৰিবহণ কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে চলোৱা অভিযানত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ে ৩১ মাৰ্চত সামৰণি পৰা ২০২১-২২ বিত্তীয় বর্ষত কেবাটাও শিতানত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) অতিৰিক্ত দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে প্ৰথম বাৰৰ বাবে ৩১ মাৰ্চত বিত্তীয় বর্ষৰ সামৰণিৰ। দিনা মাজনিশা বাৰ বজালৈকে জিলা পৰিবহণ বিষয়াৰ (ডি.টি.অ) কাৰ্যালয় যান বাহনৰ গৰাকীৰ কৰ আদায় দিয়াৰ সুবিধাৰ্থে খোলা ৰখা হয়। যত মাজনিশালৈকে বহু লোকে কৰ আদায় দিয়াৰ বিপৰীতে গৰিষ্ঠ সংখ্যক লোকে অনলাইন, ডিজিটেল, আৰ.টি.জি.এছ আৰু নেট বেংকিংঙৰ মাধ্যমৰে ভোট দিয়ে।যাৰ বাবে কেৱল ৩১ মাৰ্চৰ দিনটোত ৫.২৮ কৌটি টকাৰো অধিক ৰাজহ সংগ্ৰহ হয়। সমান্তৰালভাৱে মাৰ্চ মাহত কাৰ্যালয়ে সংগ্ৰহ কৰে প্ৰায় ৪২ কৌটি টকাৰ ৰাজহ। তেনেদৰে ৩১ মাৰ্চত সামৰণি পৰা ২০২১-২২ বিত্তীয় বর্ষত সংগ্ৰহ হয় প্ৰায় ২৬৫ কৌটি টকাৰ ৰাজহ। ইয়াৰ পূৰ্বে বিগত ২০২০ – ২১ বর্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় ২০৬ কৌটি টকা। সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি প্ৰথম বাৰৰ বাবে কাৰ্যালয়টোৱে তিনিটা শিতান ক্ৰমে – এটা বছৰ , এটা মাহ আৰু এদিনতে সংগ্ৰহীত ৰাজহে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাইজ , যান বাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে চলিত বছৰৰ প্ৰথম দিনটোৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছিল । সেই অনুসৰি জানুৱাৰী মাহত “অপাৰেচন চাৰখাৰ” , ফেব্ৰুৱাৰী মাহত “অপাৰেচন অলআউট” আৰু মাৰ্চ মাহত “অপাৰেচন অলক্লিয়াৰ” নামৰ তিনিটা বিশেষ অভিযান চলোৱা হৈছিল । ফলত বাহনৰ গৰাকী সকলে যাবতীয় কৰ আদায় দিয়াত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায় । অবশ্যে এতিয়াও এক বুজন সংখ্যক লোকে বকেয়া কৰ আদায় দিয়া নাই । পৰবৰ্তী সময়ত বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি সেই বাহন সমূহ জব্দ কৰাৰ বাবে বিশেষ অভিযান চলোৱা হব । পহিলা জানুৱাৰীৰ পৰা চলোৱা অভিযানত মহানগৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ যান বাহন পৰিদৰ্শক , প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক , প্ৰৱৰ্তক চেকাৰকে ধৰি জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সকলো পৰ্যায়ৰ কৰ্মচাৰীয়ে ভাগ লৈছিল । আনহাতে ৩১ মাৰ্চৰ দিনটোত গুৱাহাটীৰ গুৰুত্বপূৰ্ণ স্থানত মাজ নিশালৈকে ১৫০০ ৰো অধিক বাহনত তালাচী চলোৱা হৈছিল ৷ তালাচীৰ সময়ত বছৰ বছৰ ধৰি কৰ আদায় নিদিযাৰ বাবে ১৪০ ৰো অধিক বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিলাসী বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন ক্ষেত্ৰৰ ৬০ৰো অধিক বাহন জব্দ কৰা হয় ৷ উল্লেখ্য যে নিদ্ধাৰিত সময়সীমাৰ ভিতৰত যিসকলে কৰ আদায় দিয়াৰ লগতে নথিপত্ৰসমূহ নৱীকৰণেৰে ৰাজ্যৰ সুৰক্ষিত যাতায়ত ব্যৱস্থাৰ প্ৰতি সহযোগ আগবঢ়ালে সেই সকলোকে ধন্যবাদ জনায় ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৷
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য