চানলাইট ফিল্ম ফেষ্টিভেললৈ মই ভাগৰা নাই শীৰ্ষক ছবি মনোনীত

0 266

দক্ষিণ কামৰূপৰ আমৰাঙ্গা বৰিহাট অঞ্চলৰ পেৰেডাইজ থ্ৰী এ এম নামৰ ইউ টিউৱ চেনেলটোৰ প্ৰযোজনাত কবি, নাট্যকাৰ ডাঃ আশীষ ৰঞ্জন দাসৰ কাহিনীৰে নিৰ্মিত হৈছে এখন চুটি ছবি ‘মই ভাগৰা নাই’ শীৰ্ষক চুটি ছবিখন প্ৰাণজিৎ দাসে পৰিচালনা কৰিছে। ৰঞ্জন দাস, কাবেৰি কৃষ্ণা কলিতা, শিখা ঠাকুৰীয়া, পৰশজ্যোতি দাস আদিয়ে অভিনয় কৰা এই ছবিখন চানলাইট ফিল্ম ফেষ্টিভেলৰ বাবে মনোনীত হৈছে। সম্পূৰ্ণ গ্ৰাম্য জীৱনৰ আধাৰত নিৰ্মিত হোৱা ছবিখনত দেউতাকে অভাৱ- অনাটনৰ মাজেৰে নিজৰ সন্তানটিক শিক্ষিত কৰিবলৈ কৰা সংগ্ৰামৰ কাহিনী সন্নিবিষ্ট হৈছে “মই ভাগৰা নাই” চুটি ছবিখনত।

Leave A Reply

Your email address will not be published.